Antonio Guteres: গোলকীয় উষ্ণতাৰ যুগৰ অন্ত, পৃথিৱীত উতলা যুগ আহি উপস্থিত

উদ্বেগ প্রকাশ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ

ANtonio GUTERRES

Antonio Guteres:

সমগ্র বিশ্বকে দীঘলীয়া সময় ধৰি উদ্বিগ্ন কৰি থকা গোলকীয় উষ্ণতাৰ যুগৰ অন্ত পৰিল। ভৱিষ্যতলৈ অধিক অশনি সংকেত কঢ়িয়াই আনি এইবাৰ গৰম পানী উতলাৰ দৰে পৃথিৱী উতলাৰ যুগৰ আৰম্ভণি হৈছে।

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে এই চৰম শংকা ব্যক্ত কৰে। বতৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত তাৎক্ষণিকভাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনাইছে। গুটেৰেছে কয় যে জুলাইত অভিলেখ সৃষ্টিকাৰী তাপমাত্ৰাই ভয়াৱহ ছবি উন্মোচিত কৰিছে। গ্রীষ্ম দহনত ছাৰখাৰ হ’বলৈ ধৰিছে বিশ্ব।

এতিয়া আৰু গোলকীয় উষ্ণতাৰ যুগৰ অন্ত পৰিল, আৰম্ভ হৈছে পৃথিৱী উতলাৰ যুগৰ । নিউ য়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুৰব্বীজনে কয় যে উত্তৰ গোলাৰ্ধত উত্তাপৰ তীব্র দহনে কঢ়িয়াই আনিছে নিষ্ঠুৰ গ্ৰীষ্ম।

সমগ্ৰ পৃথিৱীৰ বাবেই এয়া এক বিধ্বংসী বিষয় বুলি গুটেৰেছে কয়। তেওঁ কয় যে বতৰ পৰিৱৰ্তনে আতংকৰ ৰূপ ধাৰণ কৰিছে আৰু এয়া মাথোঁ আৰম্ভণিহে ।

বিজ্ঞানীসকলে পূর্বানুমান কৰাৰ দৰে বতৰ পৰিৱৰ্তনৰ বিধ্বংসী প্রভাৱ পৰিস্ফুট হৈছে। পূর্বানুমান আৰু বাৰম্বাৰ সতৰ্ক কৰি দিয়া হৈছে। বতৰ পৰিৱৰ্তনৰ তীব্ৰ গতি কেৱল এক আশ্চৰ্যৰ বিষয় বুলি তেওঁ কয়। তেওঁ আজি পুনৰ ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ বিশ্বক আহ্বান জনায়।

সমগ্র ছবিখনেই এক ‘ট্রেজিক অৱস্থাত উপনীত হৈছে বুলি একপ্ৰকাৰ বেদনা প্রকাশ কৰে ৰাষ্ট্ৰসংঘৰ মুৰব্বীজনে। বতাহ এতিয়া শ্বাস-প্ৰশ্বাসৰ উপযোগী হৈ থকা নাই। উত্তাপ অসহনীয় হৈ পৰিছে। এইদৰে গুটেৰেছে কয়।

  তেওঁ আহ্বান জনাই কয়, ‘নেতৃত্বই নেতৃত্ব অগ্রণী হ’ব লাগিব। এতিয়া আৰু ইতঃস্তবোধৰ সময় নাই। কোনো অজুহাত দেখুৱাৰো সময় নাই। কোনে আগতে খোজ দিব তাৰ বাবে ৰৈ থকাৰ সময়ো নাই।

Exit mobile version