Congress Protest:খেৰণিত মূল্য বৃদ্ধিক লৈ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

congress

Congress Protest:

মূল্য বৃদ্ধিক লৈ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে পশ্চিম কাৰ্বি আংলঙতো মূল্য বৃদ্ধিক লৈ জিলা কংগ্ৰেছৰ প্ৰতিবাদ সাব্যস্ত। খেৰণি সাপ্তাহিক বজাৰত অৱস্থিত চচেং বহুমুখী সমবায় সমিতিৰ কাৰ্য্যালয়ৰ সন্মুখত কংগ্ৰেছৰ নেতা-কৰ্মীয়ে হাতে হাতে পোষ্টাৰ, বেনাৰ আদি লৈ বিজেপি চৰকাৰ গ’ বেক, বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি হ্ৰাস কৰক শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

বিশেষকৈ ৰন্ধন গেছ, পেট্ৰল-ডিজেল, চাউল, ঔষধ, শাক পাচলি, অত্যাৱশ্যকীয় সামগ্ৰী আদিৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছে। প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ দেশ তথা অসমৰ সৰ্বসাধাৰণ ৰাইজক বিজেপি চৰকাৰে বস্তুৰ অস্বাভাৱিক হাৰত মূল্য বৃদ্ধি কৰাই মাধমাৰ শোধাইছে বুলি মন্তব্য কৰি বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ।

উল্লেখযোগ্য যে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, পশ্চিম কাৰ্বি আংলঙৰ কংগ্ৰেছৰ জিলা সভাপতি ছিং টেৰণ, জিলা যুৱ কংগ্ৰেছৰ সভাপতি আগষ্টীন ইংহিৰ লগতে জিলা মহিলা কংগ্ৰেছৰ বিষয়ববীয়া সকলে।

Exit mobile version