Sixmile DeadbodY Recovered:মহানগৰীৰ ছয়মাইলত অঘটন !

বিদ্যুৎ বিভাগৰ চৰম গাফিলতি বাবেই প্ৰাণ গ'ল এজন লোকৰ

transfomer

Sixmile DeadbodY Recovered:

বিদ্যুৎ বিভাগৰ চৰম গাফিলতি আৰু দায়িত্বহীনতাৰ বাবেই শুক্ৰবাৰে মহানগৰীৰ ছয়মাইলৰ উৰণীয়া সেঁতুৰ তলত প্ৰাণ গ’ল এজন লোকৰ ৷ পুৱাই স্থানীয় লোকে মৃতদেহট দেখি দিছপুৰ আৰক্ষীক খবৰ দিয়ে ৷

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰে ৷

আনহাতে স্থানীয় লোকে অভিযোগ কৰা মতে বিদ্যুত বিভাগৰ গাফিলতিৰ বাবেই উন্মুক্ত ট্রান্সফাৰ্মাৰত লাগি লোকজনৰ মৃত্যু হয়। ট্রাঞ্চফৰ্মাৰৰ গেটত নাছিল তলা।এই পৰ্যন্ত মৃতদেহটো চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

Exit mobile version