Ajit Bhuyan Meets Arvind Kejriwal :
কা’ আন্দোলনৰ জৰিয়তে কংগ্ৰেছ আৰু এ আই ইউ ডি এউফৰ বোকোচাত বহি ৰাজ্যসভাৰ সাংসদ হোৱা ৰাজ্যৰ এসময়ৰ জনপ্ৰিয় সাংবাদিক অজিত কুমাৰ ভূঞাক আঞ্চলিক ৰাজনীতিয়ে আমুৱালে ৷
সাংবাদিক ক্ষেত্ৰ খনৰ পৰা অব্যাহতি লৈ কে’বাটাও আঞ্চলিক দল গঠন কৰিছিল যদিও ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে বিশেষ অগ্ৰগতি লাভ কৰিব নোৱাৰিলে ।
শেহতীয়াকৈ কইনা খোজেৰে অজিত কুমাৰ ভূঞাই আপত যোগদানৰ প্ৰস্তুতি চলাইছে ৷
কিছুদিন পূৰ্বে ভূঞাই আপৰ সাংসদ ৰাঘৱ ছাড্ডাক সাক্ষাৎ কৰাৰ পাছত আজি নতুন দিল্লীত আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰে ৷ আপত যোগদান আৰু অসমত আপৰ দায়িত্ব লোৱাৰ সন্দৰ্ভত আলোচনাৰ কৰে মুখ্যমন্ত্ৰী গৰাকীৰ স’তে ৷
দিল্লীৰ এক সূত্ৰই দিয়া তথ্য মতে ,সকলো থিকে থাকে থাকিলে শীৰ্ঘেই আপত যোগদান কৰিব ভূঞাই ৷ তাৰ পাছতে অসমত আপৰ দায়িত্ব লোৱাৰ সম্ভাৱনা আছেে ৷