Dangerous Road Accident In Utter Pradesh:মর্মান্তিক পথ দুৰ্ঘটনা

পিতৃৰ মৃতদেহ ঘৰলৈ অনাৰ পথত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তিনি কন্যাসহ মাতৃয়ে

accident 1

Dangerous Road Accident In Utter Pradesh:

এক মৰ্মান্তিক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এটা পৰিয়ালে ৷ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যু হৈছিল পিতৃৰ ৷ পাছতে পিতৃৰ মৃতদেহ এম্বুলেন্সৰে গৃহাভিমুখী হোৱাৰ পথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মাতৃ সহ তিনি কন্যা থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন এগৰাকী কন্যা সুধা গুৰুত্বৰ ভাবে আহত হৈ সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

ADVERTISEMENT

উল্লেখ্য যে নিজ গৃহ পাবলৈ মাত্ৰ কে’বা কিলোমিটাৰ পোৱাৰ পূৰ্বেই মাতৃ সহ চাৰিকন্যা থকা এম্বুলেন্স খনক বিপৰীত দিশৰ পৰা দ্ৰুতগতিত অহা এখন বাহনে সন্মুখৰ পৰা প্ৰচণ্ড খুন্দা মাৰে ৷ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাহন খনৰ খুন্দাত এম্বুলেন্স খন দুটুকুৰা হৈ পৰে ৷

উত্তৰ প্ৰদেশৰ উনাওত সংঘটিত হোৱা পথ দুৰ্ঘটনাটিত পতিত এম্বুলেন্স খনৰ আৰোহী দুৰ্ভগীয়া পৰিয়ালটো কানপুৰৰ পৰা মোৰাবালৈ গৈ আছিল। কিন্ত পুৰবা আৰক্ষী থানাৰ অন্তৰ্গত তুচৰাউৰ গাঁৱৰ ওচৰত নিষ্ঠুৰ নিয়তিয়ে পলকতে তচনচ কৰি দিয়ে সমগ্ৰ পৰিয়ালটিকে৷

উল্লেখ্য যে, ধনীৰাম (৭৬)নামৰ লোকজনক কানপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্ত চিকিৎসাধীন হৈ থকা অৱস্থাতে বৃহস্পতিবাৰে নিশা মৃত্যু হয় ধনীৰামৰ।

ইয়াৰ পাছতে ধনীৰামৰ পত্নী আৰু চাৰি কন্যাই পিতৃৰ নিথৰ দেহটো আনিবলৈ গৈছিল যদিও গৃহাভিমুখী হোৱাৰ পথত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাটোত ধনীৰামৰ পত্নী প্ৰেমা (৭০), তিনি বিবাহিতা কন্যা মঞ্জুলা (৪৫), অঞ্জলি (৪০) আৰু ৰুচি (৩০) নিহত হয়। এই ঘটনাই গভীৰ শোকৰ ছা পেলাইছে উত্তৰ প্ৰদেশত ৷

Exit mobile version