Manipur Incident Cbi Inquiry:মণিপুৰ ধৰ্ষণ কাণ্ড তদন্তৰ দায়িত্ব লৈয়ে চি বি আয়ে ৰুজু কৰিলে গোচৰ

cbi

Manipur Incident Cbi Inquiry :

অগ্নিগৰ্ভা মণিপুৰত দুই সম্প্ৰদায়ৰ মাজত অব্যাহত থকা সংঘাতৰ মাজতে দুগৰাকী নিৰীহ মহিলাক বিবস্ত্ৰ কৰি ৰাজপথ সমদল কৰি লৈ ফুৰা নিৰ্লজ্জ কাণ্ড ভিডিঅ ‘ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে দেশ-বিদেশত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ৷ সৰ্বত্ৰে এই জঘন্য কাৰ্যক লৈ ক্ষোভৰ অগ্ৰণী জ্বলিছিল ৷

যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে এই ঘটনাৰ তদন্ত বাবে দায়িত্ব অৰ্পণ কৰে চিবিআইক ৷ দায়িত্ব পোৱাৰ পাছতে অনুসন্ধানকাৰী সন্হাটোৱে শনিবাৰে এই ঘটনাৰ গোচৰ ৰজু কৰি আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া ৷

উল্লেখ্য যে,দেশ কপাই যোৱা জঘন্য ঘটনাটো সংঘটিত হৈছিল চাৰি মে’ত ৷ কিন্ত ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হয় ১৯ জুলাইত ৷

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাত মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আঠজনকৈ পাষণ্ডক ৷ শেহতীয়া খবৰ অনুসৰি মহিলা নিৰ্যাতনৰ লজ্জাজনক ঘটনাৰ ভিডিঅ’ প্ৰস্তুত কৰা মুল অপৰাধীটোকো আৰক্ষীয়ে আটক কৰিছে ৷

আনহাতে, যিটো ম’বাইল ফোনেৰে ভিডিঅ প্ৰস্তুত কৰা হৈছিল ,সেই ম’বাইল ফোনটো প্ৰেৰণ কৰা হৈছে ফৰেনছিক পৰীক্ষাৰ বাবে  ৷

চিবিআই-এ ঘটনাৰ দায়িত্ব লাভৰ পাছতে মণিপুৰত উপস্থিত হৈ অতি ক্ষীপতাৰে বিভিন্ন উৎস আৰু তথ্য সংগ্ৰহ কৰাৰ লগতে সোধপোছৰ বাবে আটক কৰিছে সন্দেহৰ আবৰ্তত থকা  বহু কেইজন লোকক ৷

Exit mobile version