State Bjp:কামাখ্যা প্রসাদ তাচাক অভিনন্দন ৰাজ্যিক বিজেপিৰ সভাপতিৰ

দলৰ প্রাথমিক সদস্যৰ পৰা বহিষ্কাৰ লাচিত গগৈক

state bjp office

State Bjp:

ভাৰতীয় জনতা পাৰ্টিৰ সদ্যঘোষিত ৰাষ্ট্ৰীয় সমিতিত সম্পাদক হিচাপে নিযুক্তি লাভ কৰা ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাচাক ৰাজ্যিক বিজেপির সভাপতি ভৱেশ কলিতাই আন্তৰিক অভিনন্দন জনাইছে।

দলৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ভবেশ কলিতাই কয় যে, কামাখ্যা প্রসাদ তাচাৰ ৰাষ্ট্ৰীয় সমিতিত অন্তর্ভুক্তি অসমৰ বাবে অত্যন্ত গৌৰৱৰ বিষয়।

ছাত্ৰ অৱস্থাৰ পৰা সক্ৰিয় ৰাজনীতিত জড়িত হৈ পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় জনতা পাৰ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱা কামাখ্যা প্ৰসাদ তাচাই ৰাজ্যিক বিজেপিৰ উপ- সভাপতি আৰু মুখ্য মুখপাত্ৰৰ দৰে গধূৰ দায়িত্ব সক্ৰিয়তাৰে পালন কৰিছিল। অনাগত দিনতো তাচাই ৰাষ্ট্ৰীয় সম্পাদকৰ দৰে এক গধুৰ দায়িত্ব সক্ৰিয়তাৰে পালন কৰিবলৈ সক্ষম হ’ব।

আনহাতে ,ভাৰতীয় জনতা পার্টিৰ অসম প্ৰদেশৰ কমিটিৰ সভাপতি ভবেশ কলিতাই আজি তাৎক্ষনিকভাবে বলবৎ হোৱাকৈ লাচিত গগৈক দলৰ প্রাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰে।

Exit mobile version