CBI interrogates Leena Doley : এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত: এছ পি লীনা দলেক মাৰাথন জেৰা চি বি আইৰ

leena doley

CBI interrogates Leena Doley :

বহুচৰ্চিত এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ সৈতে নাম সাঙোৰ খাই পৰা নগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক তথা বৰ্তমান হাইলাকান্দিৰ এছ পি হিচাপে কৰ্মৰত লীনা দলেক অৱশেষত আজি চি বি আই-এ চলায় মাৰাথন জেৰা

স্মতৰ্ৱ্য যে ১৬ মে’ৰ নিশা মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ কলিয়াবৰ মহকুমাৰ জখলাবন্ধাত সংঘটিত হোৱা এক ৰহস্যজনক পথ দুৰ্ঘটনাত শোকাৱহভাৱে মৃত্যুক সাবটি লয়৷

তৰুণ আৰক্ষী বিষয়া গৰাকীৰ দুৰ্ঘটনাত মৃত্যুৰ পাছতে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়৷ সকলোৱে দাবী তোলে জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আইৰ তদন্ত হওক ৷

পহিলাতে চৰকাৰে দুৰ্ঘটনাটোৰ তদন্ত চি আইডিক দিছিল যদিও পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ডি জি পিয়ে চিবিআইক দিয়াৰ সিদ্ধান্ত লয় ৷

তাৰ পাছতে চি বি আই-এ দুটাকৈ দলে সুকীয়া সুকীয়াকৈ অসমত উপস্থিত হৈ নগাঁৱৰ জখলাবন্ধা,জোনমণিৰ নগাঁৱৰ চৰকাৰী আবাসগৃহ সহ ভিন্ন স্থানত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ৷

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ ডি আই জি লাভলী কাটাৰিয়াৰ নেতৃত্বত অহা দলে নগাওঁ আৰু লখিমপুৰ জিলা ভ্ৰমণ কৰি গোচৰটোৰ সৈতে জড়িত হৈ পৰা প্ৰায় ভিন্নজনক জেৰা কৰাৰ লগতে নকল সোণৰ কাৰবাৰীকো জেৰা কৰে ৷

উল্লেখ্য যে, জোনমণি ৰাভাৰ মৃত্যুৰ পাছতে তেওঁৰ মাতৃ সুমিত্ৰা ৰাভাই ১৯ মে’ত জখলাবন্ধা থানাত এক গোচৰ দাখিল কৰিছিল । য’ত আচামী হিচাপে নগাওঁ জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক তথা বৰ্তমানৰ হাইলাকান্দিৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নাম উল্লেখ কৰিছিল।

লীনা দলেই বিৰুদ্ধে জোনমণিৰ মাতৃয়ে উদ্থাপন কৰা অভিযোগ মতে,দুৰ্ঘটনা সংঘটিত দিনা পুৱতি নিশা লীনা দলেই নেতৃত্বত যোৱা এটা আৰক্ষী দলে জোনমণিৰ চৰকাৰী আবাসগৃহত উপস্থিত হৈ তালাচী চলাই নগদ একলাখ টকা সহ কেতবোৰ নথিপত্ৰ লৈ গৈছিল ৷

ইয়াৰ পাছতে জোনমণিৰ মাতৃ সহ বিভিন্ন দল-সংগঠনে তদন্তৰ আওতাত চিবিআই-এ লীনা দলেকো আনি জেৰা চলোৱাৰ দাবী উদ্থাপন কৰে ৷

বিগত এটা মাহ ধৰি জোনমণিৰ মৃত্যু সন্দৰ্ভত তদন্ত অব্যাহত থকা চিবিআই-এ অৱশেষত সোমবাৰে গুৱাহাটীৰ এক অজ্ঞাত স্থানত লীনা দলেক মাৰাথন জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

জোনমণিৰ মাতৃয়ে জখলাবন্ধা আৰু নগাঁও থানাত দিয়া এজাহাৰৰ ভিত্তিত এছ পি লীনা দলেক জেৰা চলোৱা বুলি এক সূত্ৰই জানিব দিয়ে যদিও জেৰাত কেন্দ্ৰীয় অনুসন্ধানকাৰী সন্থাটোৱে কি কি প্ৰশ্ন সুধিছে এই সন্দৰ্ভত জানিব পৰা নাই ৷

Exit mobile version