Number Of Cancer Patients In Assam has Increased:উদ্বেগজনক হাৰত অসমত বৃদ্ধি কৰ্কট ৰোগীৰ সংখ্যা

বিগত তিনিবছৰত অসমত এক লাখ ১৬ হেজাৰ আক্ৰান্ত দুৰাৰোগ্য ৰোগত, বিগত বৰ্ষত উত্তৰ-পূৱত প্ৰাণ হেৰুৱালে ৩১,৮২৬ জনে , ১৪ বছৰৰ তলৰ শিশুও আক্রান্ত উদ্বেগজনক হাৰত বৃদ্ধি কৰ্কট ৰোগী

cancer

Number Of Cancer Patients In Assam has Increased:

উত্তৰ-পূবত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। যোৱা পাঁচ বছৰত দেশৰ মুঠ কৰ্কট ৰোগীৰ ৩.৬ শতাংশই হৈছে উত্তৰ-পূবৰ। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ এনচিআৰপিৰ তথ্যত এই ভয়াৱহ দিশ পোহৰলৈ আহিছে ।

উল্লেখ্য যে ২০২০ত উত্তৰ-পূবত পুৰুষ-মহিলা মুঠ ৫০,৩১৭ গৰাকী কৰ্কট ৰোগী পঞ্জীয়ন হৈছিল। ২০২১ত ইয়াৰ সংখ্যা বৃদ্ধি হৈ ৫১,৬৭৫ হয় । ২০২২ত ইয়াৰ সংখ্যা পুনৰ বৃদ্ধি পায়। বিভাগীয় তথ্য অনুসৰি, ২০২২ত উত্তৰ-পূবত মুঠ ৫৩,০৪৬ গৰাকী কৰ্কট ৰোগী পঞ্জীয়ন হয় আৰু ইয়াৰে ৩৯,৭৮৭ ৰোগীয়েই অসমৰ।

ইয়াৰ উপৰি এই বৰ্ষটোত মেঘালয়ত ৩,০২৫, ত্ৰিপুৰাত ২,৭১৫, মিজোৰামত ১,৯৮৫, মণিপুৰত ২,০৯৭, নগালেণ্ডত ১,৮৫৪ আৰু অৰুণাচলত ১,০৮৭ গৰাকী কৰ্কট ৰোগী পঞ্জীয়ন হয়। সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি, অসমত ২০২০ত ৩৭,৮৮০ আৰু ২০২১৩ ৩৮,৮৩৪ কৰ্কট ৰোগী পঞ্জীয়ন হয় ।

ইয়াৰ উপৰি উত্তৰ-পূবত ২০১৮ত ৪৭,৮৮১, ২০১৯৩ ৪৯,০৬৭ আৰু ২০২০ত ৫০,৩১৭ গৰাকী কৰ্কট ৰোগীৰ তথ্য পোহৰলৈ আহে । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ তথ্যত উন্মোচিত হোৱা উত্তৰ-পূবত ক্ৰমান্বয়ে কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ঘটনাই সংশ্লিষ্ট সকলো পক্ষকে চিন্তিত কৰি তুলিছে।

আনহাতে, উত্তৰ-পূবত উদ্বেগজনকভাৱে কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাই অহাৰ বিপৰীতে এই ৰোগত আক্ৰান্ত বহু ৰোগীয়ে প্ৰত্যেক বছৰে প্ৰাণ হেৰুৱাইছে। উত্তৰ-পূবত কৰ্কট ৰোগীৰ মৃত্যুৰ হাৰ পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্রণালয়ৰ অধীনস্থ কেন্দ্ৰীয় সংস্থাটোৱে সদৰী কৰা তথ্য অনুসৰি, বিগত বৰ্ষটোত অর্থাৎ ২০২২ত কেৱল অসমতে ২৩,৯৭৪ গৰাকী এনে ৰোগীয়ে প্ৰাণ হেৰুৱাইছে। একেদৰে ২০২১ত ২৩,৩৯৫ গৰাকী আৰু২০২০ত২২,৮২৪ গৰাকীৰ মৃত্যু হৈছে ।

ইয়াৰ উপৰি বিগত বৰ্ষটোত মেঘালয়ত ১,৯৮০, ত্ৰিপুৰাত ১,৬৫১, মিজোৰামত ১,২৭১, মণিপুৰত ১,২২০, নগালেণ্ডত ১,০৬০ আৰু অৰুণাচলত ৬৭০ গৰাকী কৰ্কট ৰোগীৰ মৃত্যু হৈছে ।

উল্লেখ্য যে ২০২২৩ কেন্দ্রীয় শাসিত অঞ্চল আৰু ৰাজ্যসমূহক সামৰি দেশত ১৪,৬১,৪২৭ গৰাকী লোক কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে উল্লিখিত বৰ্ষটোত দেশত ৮,০৮,৫৫৮ গৰাকী এনে ৰোগীয়ে প্ৰাণ হেৰুৱায়।

অসমৰ প্ৰেক্ষাপটত যোৱা তিনি বছৰত অৰ্থাৎ ২০২০ৰ পৰা ২০২২ লৈ ১,১৬,৫০১ গৰাকী লোক এই ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ৬৯,১৯৩ গৰাকীৰ মৃত্যু হৈছে ।

উল্লেখ্য যে অত্যধিক নিচাযুক্ত দ্ৰব্য সেৱন, ধপাত জাতীয় সামগ্ৰী আদি সেৱনৰ ফলতে উত্তৰ-পূবত এনে ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা বুলি সময়ে সময়ে প্রকাশ পাই আহিছে । এই ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূবত এই ৰোগৰ স্বাস্থ্য সেৱা বৃদ্ধি কৰাৰ লগতে যথেষ্ট উন্নত কৰা হৈছে ।

Exit mobile version