Steep Price Hike Of Stamp Paper: স্বয়ং আদালত চৌহদতে মুকলিকৈ চলিছে দলিলক লৈ বেআইনী কার্য

অক্টোবৰৰ পৰা ই-দলিল বাধ্যতামূলক হোৱাৰ পূৰ্বে নিয়ন্ত্রণহীন ৰূপত ক'লা বজাৰ, কোষাগাৰৰ নাম উল্লেখ অবিহনে দলিল বিক্ৰী

stams Paper

Steep Price Hike Of Stamp Paper :

অতি বিশেষ প্রয়োজনৰ বাদে অহা পহিলা অক্টোবৰৰ পৰা ৰাজ্যত দলিল কাগজ সম্পূর্ণৰূপে নিষিদ্ধ হ’ব। তাৰ পৰিৱৰ্তে বাধ্যতামূলক হ’ব ডিজিটেল তথা ই-দলিল। ইয়াৰ পূৰ্বে বিগত দিনবোৰত তথাকথিত নাটনিৰ অজুহাত দি দলিল কাগজৰ যি বৃহৎ ক’লা বজাৰ চলি আহিছিল তাৰ মাত্ৰা এতিয়া দুগুণে চৰিছে।

খুচুৰা বিক্রেতাই প্রকৃত মূল্যৰ বিপৰীতে যাৰ যিমান ইচ্ছা সিমান মূল্য প্ৰতিখন দলিলৰ পৰা আদায় অব্যাহত ৰাখিছে। ইয়াৰ সমান্তৰালকৈ দলিল সৰবৰাহত বেআইনী কার্যকলাপ তুংগত উঠিছে।

উদাহৰণস্বৰূপে তিনিচুকীয়া কোষাগাৰৰ দলিল এতিয়া গুৱাহাটীয়ে নহয়, পশ্চিম অসমতো উপলব্ধ। তেনেদৰে গুৱাহাটী কোষাগাৰৰ দলিল উপলব্ধ হয় বৰাকৰ জিলাকেইখনত। নিয়ম অনুসৰি জিলা এখনত থকা কোষাগাৰৰ পৰা খুচুৰা বজাৰলৈ উলিয়াই দিয়া দলিল সেই জিলাৰ ভিতৰতহে বিক্ৰী কৰিব পাৰে ; কিন্তু নাটনিৰ অজুহাতত চোৰাং সৰবৰাহ দীৰ্ঘদিনৰে পৰা চলি অহাৰ বাবে ৰাজ্যৰ এটা মূৰৰ পৰা কোষাগাৰৰ দলিল আনটো মূৰৰ জিলাত দীৰ্ঘদিনৰে পৰা উপলব্ধ হৈ আহিছে।

এতিয়াও তেনেদৰে মুকলিকৈ এই দলিল বিক্ৰী হৈ আছে। কেৱল মাত্র সেইবোৰৰ মূল্য অস্বাভাৱিক ৰূপত বৃদ্ধি হৈছে। ইয়াৰ বাবে সৃষ্টি কৰা হৈছে অধিক কৃত্ৰিম নাটনিৰ ।

এনে নাটনিৰ অজুহাততে কিমান উচ্চ মূল্যত কাগজৰ দলিল ৰাজ্যত বিক্ৰী হৈ আছে সেয়া আজিৰ দিনটোৰ বজাৰৰ তথ্যই উদঙাই দিয়ে। আনকি আদালত বন্ধৰ দিনাও গ্ৰাহকৰ চাহিদাৰ বাবে দলিলৰ খুচুৰা বিক্ৰী অব্যাহত থাকে।

গুৱাহাটীৰ মুখ্য ন্যায়াধীশৰ দণ্ডাধীশৰ আদালতৰ সমীপত আজিৰ দিনটোত এশ টকাৰ এখন দলিল ১৫০ৰ পৰা ১৬০ টকা পৰ্যন্ত বিক্ৰী হয়। ১০ টকাৰ দলিল সাধাৰণ দিনত সৰ্বাধিক ৩০-৪০ টকাত ক’লা বজাৰত বিক্ৰী হয়। সেই মূল্য এতিয়া ৫০-৬০ টকালৈ বৃদ্ধি হৈছে। মূল্যৰ এই পৰিমাণ বিগত কেইদিনমানৰ পৰা বৃদ্ধি হোৱা বুলি বিক্রেতাসকলে জানিবলৈ দিয়ে।

অৱশ্যে সাধাৰণ দিনটো দীৰ্ঘদিনৰে পৰা প্ৰকৃত দামতকৈ অধিক মূল্যত দলিল বিক্ৰী হৈ আহিছে। যোৱা এপ্ৰিললৈ এশ টকাৰ দলিল। সর্বাধিক ১৪০ টকাত উপলব্ধ হৈছে। একেদৰে পাঁচশ টকাৰ দলিলৰ মূল্য ক’লা বজাৰত সাতশ টকা পর্যন্ত হৈছে। কোনো কোনো জিলা আদালতত আনকি এই মূল্যৰ পৰিমাণ আঠশ টকা পর্যন্ত বৃদ্ধি হোৱা বুলি বিক্রেতাই সদৰী কৰে ।

এনে মূল্যবৃদ্ধিৰ কাৰণ সদৰী কৰি নাম প্ৰকাশত অনিচ্ছুক গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদৰ এজন বিক্রেতাই কয় যে কিছুমান জিলাত দলিলৰ চাহিদা অত্যধিক। তদুপৰি তেনে জিলাবোৰত মানুহে ই-দলিলতকৈ কাগজৰ দলিলহে বিচাৰে। ফলত সেইবোৰত দলিলৰ মূল্য অধিক বৃদ্ধি হৈছে।

উল্লেখ্য যে জিলা এখনত এবছৰত কিমান ষ্টাম্প পেপাৰৰ প্ৰয়োজন হয় তাৰ এক হিচাপ লৈ জিলা কোষাগাৰে কেন্দ্ৰীয় কোষাগাৰক তথ্য দিয়ে। সেই মতে, কেন্দ্রীয় কোষাগাৰৰ পৰা জিলা কোষাগাৰক দলিল যোগান ধৰা হয়।

জিলা কোষাগাৰে পঞ্জীয়নভুক্ত খুচুৰা বিক্ৰেতাক সেই দলিল বিক্ৰীৰ বাবে বজাৰলৈ উলিয়াই দিয়ে। বহুকেইখন জিলাৰ কোষাগাৰত বিগত প্রায় এবছৰে দলিলৰ যোগান বন্ধ আছে । উদাহৰণস্বৰূপে দলিলৰ চাহিদা যথেষ্ট থকা সত্ত্বেও বৰপেটা জিলা কোষাগারে বিগত এবছৰৰো অধিক সময় দলিল পোৱা নাই। অথচ কোষাগাৰৰ পৰা দলিল বিচাৰি কেন্দ্ৰীয় কোষাগাৰক আবেদন দাখিল কৰা হৈছিল।

তাৰ পাছতো জিলাখনৰ আদালত চৌহদত দলিলৰ বিক্ৰী চলি আহিছে। যথেষ্ট উচ্চ মূল্যত বিক্রী হোৱা সেই দলিলবোৰ গোৱালপাৰা, ডিব্ৰুগড় আদি জিলাৰ কোষাগাৰৰ পৰা খুচুৰা বিক্ৰীৰ বাবে উলিয়াই দিয়া।

লক্ষ্যণীয়ভাৱে বহু দলিলত সেইবোৰ কোনটো কোষাগাৰৰ পৰা বজাৰলৈ উলিয়াই দিয়া হৈছিল সেয়াও উল্লেখ নাথাকে। এয়াও বেআইনী এক কাণ্ড।

Exit mobile version