Asom Kori Samaj:কৃতি ছাত্ৰ-ছাত্ৰীক সমূহীয়া সম্বৰ্ধনা অখিল অসম কৈৰী (কুশৱাহা) সংঘৰ

kori samaj 1

Asom Kori Samaj:

পশ্চিম কাৰ্বি আংলং-হোজাই জিলাৰ সীমান্তৱৰ্তী ভীমৰ-আলিত কৃতি ছাত্ৰ-ছাত্ৰীক সমূহীয়া সম্বৰ্ধনা জ্ঞাপন অখিল অসম কৈৰী (কুশৱাহা) সংঘৰ। ভীমৰ-আলিৰ কপিলী দুগ্ধ উন্নয়ন কেন্দ্ৰৰ চৌহদত সম্বৰ্ধনা সভা আয়োজনেৰে হিন্দীভাষী লোকসকলৰ ভিতৰত কৈৰী (কুশৱাহা) সমাজৰ যিসকল মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে হাই স্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু স্নাতক পৰীক্ষাৰ ফলাফলত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেঁওলোকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে একোটাকৈ গল্ডেন কাপসহ একোখনকৈ মানপত্ৰ প্ৰদান কৰে।

এনেদৰে সমগ্ৰৰাজ্যখনৰ প্ৰায় দুই শ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় অখিল অসম কৈৰী (কুশৱাহা) সংঘই। লগতে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল হোৱাৰ কামনা কৰাৰ সমান্তৰালকৈ নিজকে দেশৰ ভৱিষ্যত সম্পদ হিচাপে গঢ় দিবলৈ আৰু এগৰাকীৰ সু নাগৰিক হ’বলৈ পৰামৰ্শ দিয়ে ছাত্ৰ-ছাত্ৰীসকলক সংঘটোৰ বিষয়ববীয়া সকলে ।

একে সময়তে হৰি শংকৰ সিঙ নামৰ এগৰাকী ব্যক্তিয়ে প্ৰকাশ কৰে যে পূৰ্বতে কৈৰী (কুশৱাহা) সমাজৰ লোকে অন্যান্য পিছপৰা জাতি হিছাপে প্ৰমাণ পত্ৰ লাভ কৰিছিল যদিও চৰকাৰে এই ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি কৰাত বৰ্তমান সময়ত এনে প্ৰমাণ পত্ৰ লাভৰ পৰা গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰী বঞ্চিত হবলগীয়া হৈছে ।

যাৰ পৰিপ্ৰেক্ষিতত পৰীক্ষাৰ ফলাফলত সৰহ নম্বৰ লাভ কৰিও উচ্চ শিক্ষাৰ নামভৰ্তিৰ সময়ত অন্যান্য পিছপৰা জাতিৰ প্ৰমাণ পত্ৰ নথকাত নামভৰ্তি কৰিব নোৱাৰি সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰী সকলে বুলি মন্তব্য কৰে হৰি শংকৰ সিঙে।

Exit mobile version