অসম কবি সন্মিলনৰ অন্যতম শাখা কলংপৰীয়া কবি সন্মিলনৰ এখন সাধাৰণ সভা দেওবাৰে নগাওঁ চহৰৰ লাওখোৱা পথৰ ইণ্টাৰনেশ্বনেল পাব্লিক স্কুলত
অনুষ্ঠিত হৈ যায় ৷
ADVERTISEMENT
নগাঁৱৰ বিশিষ্ট কবি, সমালোচক,প্ৰৱন্ধকাৰ লক্ষেশ্বৰ শৰ্মাৰ সভাপতিত্বত আৰম্ভ হোৱা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যাত কবি বেলা মোদীয়ে কয় যে প্ৰয়াত অনিমা শৰ্মা বৰুৱা আৰু প্ৰসিদ্ধ নগঞা সাংবাদিক প্ৰয়াত শিৱ প্ৰসাদ বৰাৰ প্ৰচেষ্টাত ২০১৯ চনত ‘ কলং কাব্য কানন’ নামেৰে অনুষ্ঠান এটি ভূমিষ্ঠ হৈছিল যদিও কালক্ৰমত বিলুপ্তি ঘটে।
সেই অনুষ্ঠানটোক পূৰ্বৰ কলং কাব্য কানন নামটোৰ পৰিবৰ্তে আজিৰ সভাই পুনৰ উদ্ধাৰ হিচাপে কলংপৰীয়া কবি সন্মিলন নামেৰে সদৰ শাখা গঠনৰ উদ্দেশ্যে ব্যাখ্যা দাঙি ধৰে।
আনহাতে নগাঁৱৰ বিভিণ্ণ অঞ্চলৰ পৰা অহা ৩৫ গৰাকী কাব্য প্ৰেমীৰ উপস্থিতিত কলংপৰীয়া কবি সন্মিলনৰ নতুন কমিটি খন গঠন হয় ৷
বিশিষ্ট সমালোচক, কবি তথা প্ৰাক্তন অধ্যক্ষ ড° দিলীপ শৰ্মাক সভাপতি, কবি ৰিণী নেওগ বৰাক কাৰ্যকৰী সভাপতি আৰু কবি বেলা মোদীক সম্পাদক হিচাপে লৈ ২১ জনীয়া এখন পুৰ্ণাংগ কমিটি গঠন কৰা হয়।