Get Ready To Pay Rs 300 Per kg Tamato:
প্ৰতিকূল বতৰৰ কাৰণত এইবাৰ গ্ৰীষ্মকালীন শাক-পাচলিৰ মূল্য বজাৰত যথেষ্ট বৃদ্ধি পাইছে৷ সম্প্ৰতি বজাৰত বিলাহী, গাজৰ, কবি আদিৰ দৰে শীতকালীন পাচলিসমূহো ১২ মাহে উপলব্ধ হৈছে । শেহতীয়াভাৱে দেশৰ বজাৰত বিলাহী, গাজৰৰ দৰে পাচলিৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে।
দেশৰ একাংশ বজাৰত বৰ্তমানে প্রতি কিলো বিলাহীৰ মূল্য ১৬০ টকাৰ পৰা ২২০ টকালৈ বৃদ্ধি পাইছে। দিল্লীস্থিত আজাদপুৰ বিলাহী এছ’চিয়েছনে প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি বিলাহীৰ যোগান যথেষ্ট হ্রাস পাইছে আৰু ফলত এইবিধ পাচলিৰ মূল্য বৃদ্ধি অব্যাহত আছে।
আজাদপুৰ চবজি মণ্ডীৰ পাইকাৰী বিক্রেতা সঞ্জয় ভগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি হিমাচল প্ৰদেশৰ দৰে ৰাজ্যত সম্প্ৰতি অব্যাহত থকা প্রতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত পাচলিৰ সৰবৰাহ বাধাগ্ৰস্ত হৈছে আৰু এই কাৰণতে আগন্তুক দিনত প্ৰতি কিলো বিলাহীৰ মূল্য ৩০০ টকালৈকে বৃদ্ধি পাব পাৰে।