Hatigaon Murder Case Main Accused Arrested: হাতীগাঁৱৰ চাঞ্চল্যকৰ জাভেদ আলী আহমেদ হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

চুপাৰি কিলাৰৰ হতুৱাই আত্মীয়ই হত্যা কৰিছিল জাভেদ আলী আহমেদক, ধৃত অভিযুক্ত ছাত্তাৰ আলী জাভেদ আলীৰ আত্মীয়, সম্পতিৰ ভাগ বাটোৱাৰাৰ বাবেই হত্যাৰ বলি হৈছিল জাভেদ আলী

hatigaon murder case main accused arrested

Hatigaon Murder Case Main Accused Arrested:

হাতীগাঁৱৰ চাঞ্চল্যকৰ জাভেদ আলী আহমেদ হত্যাকাণ্ডৰ মূল অভিযুক্তক অৱশেষত মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

সম্পত্তিৰ লালসাৰ বাবে নিজৰ আত্মীয়ই অতি পৰিকল্পিতভাৱে চুপাৰী কিলাৰৰ হতুৱাই হত্যা কৰিছিল জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা জাভেদ আলী আহমেদ ৷

চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত পাছতেই গুৱাহাটী আৰক্ষীয়ে ক্ষীপতাৰে আৰম্ভ কৰে তদন্ত ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰেই বৰপেটাৰ মন্দিৰাৰ পৰা হত্যাকাণ্ডৰে জড়িত থকা চাৰিজনক আটক কৰে আৰক্ষীয়ে ৷

আনহাতে আৰক্ষীৰ মাৰাথন জেৰাত আটকাধীন চাৰিজনে মুল অপৰাধীৰ নাম স্বীকাৰোক্তিত উল্লেখ কৰে ৷ এই ঘটনাৰ মূল অভিযুক্ত ছাত্তাৰ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ছাত্তাৰ আলী মৃত জাভেদ আলী আহমেদৰ সম্পৰ্কীয় ভাতৃ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে বৰপেটাৰ মন্দিয়াৰ পৰা ছাত্তাৰ আলীক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, যোৱা ২৭ জুলাইত গুৱাহাটীৰ হাতীগাঁৱৰ ফ্ৰেণ্ডছ পথত জাভেদ আলী আহমেদ নামৰ জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা জাভেদ আলী আহমেদ নিজ বাসগৃহৰে সমীপতে থকা মছজিদত নামাজ পঢ়িবৰ বাবে কাহিলীপুৱাতে ওলাই গৈছিল যদিও ঘৰলৈ ঘূৰি আহিবলৈ নাপালে ৷

পূৰ্বৰে পৰা খাপ পিটি থকা চুপাৰী কিলাৰে ৰ’ডৰে উপযুপৰি প্ৰহাৰ কৰি নৃশংসভাবে হত্যা কৰে ৷ পাছত তেজেৰে তুমৰলি হৈ ফ্ৰেণ্ডছ পথত জাভেদ আলী আহমেদ নিথৰ হৈ পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে নাতি দূৰত থকা হাতীগাঁও আৰক্ষীক খবৰ দিয়ে ৷

পৰৱৰ্তী সময়ত আৰক্ষী আৰু চি আই ডি দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰি অৱশেষত চুপাৰি কিলাৰ আৰু মুল অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় মহানগৰ আৰক্ষী ৷

জাভেদ আলী আহমেদ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ চুপাৰি কিলাৰ আৰু মুল অভিযুক্তক আটক কৰাৰ পাছত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমেলত বিতং তথ্য দাঙি ধৰি কয় যে জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা তথা বৰ্ষীয়ান নাগৰিক জাভেদ আলী আহমেদ নিজ বাসগৃহৰে নিচেই কাষতে থকা ফ্ৰেণ্ডছ পথৰ মছজিদত নামাজ পঢ়িবলৈ গৈ থকা অৱস্থাত দুৰ্বৃত্তই প্ৰথমে গাড়ীৰে খুন্দিয়াই আহত কৰি পাছত ৰড আৰু কোৰেৰে আঘাত কৰি নৃশংসভাবে হত্যা কৰি দুৰ্বৃত্তৰ দলটো পলায়ন কৰে বৰপেটালৈ ৷

আনকি আলীক দলটোৱে পিছ লোৱা দৃশ্য চিচিটিভিতো বন্দী হৈছিল ৷ আৰক্ষী আয়ুক্ত গৰাকীয়ে আৰু কয় যে, আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি প্ৰাৰম্ভিক পৰ্যায়ত
ঘটনাস্থলীৰ পৰা এডাল ৰড, কোৰসদৃশ সামগ্রী উদ্ধাৰ হৈছিল ।

তদন্ত ক্ষীপতাৰে আৰম্ভ কৰি চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰি পযাপ্ত ক্লু লাভ কৰি তদন্তৰ আওতালৈ মৃত জাভেদ আলী আহমেদৰ পৰিয়ালকো আনি আৰম্ভ কৰে মাৰাথন সোধপোছ ৷ সন্দেহৰ আৱৰ্তত পাঁচজন লোকৰ ওপৰত বিশেষ নজৰ ৰাখিছিল আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে ৷

আয়ুক্ত গৰাকীয়ে সদৰি কৰি কয় , সন্দেহৰ আৱৰ্তলৈ অনা পাঁচজন লোকে ঘটনা সংঘটিত হোৱাৰ পাঁচদিনৰ পূৰ্বৰে পৰা গুড লাক ৰিজেন্সীত বাহৰ পাতিছিল ৷ পাছত নৃশংস হত্যাকাণ্ড সংঘটিত কৰিয়ে আটাইকেইজন দুৰ্বৃত্তই ত্যাগ কৰিছিল হোটেল ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্তমৰ্মে নিশ্চিত হয় যে,হোটেলত বাহৰ পতা কেইজনেই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰিছিল ৷ পাছত মহানগৰ আৰক্ষীৰ এটা দল বৰপেটালৈ গৈ স্থানীয় আৰক্ষীৰ সহযোগত মন্দিৰাৰ পৰা চাৰিজন ক্ৰমে হাছমত মিঞা, মহিবুল খান, নুৰ মহম্মদ(বগা) আৰু আইনুলক আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ মাৰাথন জেৰাত আটকাধীন চুপাৰী কিলাৰজনে কেনেকৈ হত্যাকাণ্ড সংঘটিত কৰিছিল তাৰ সমস্ত বিৱৰণ দাঙি ধৰাৰ লগতে ঘটনা মাষ্টাৰ মাইণ্ডৰ নামো উল্লেখ কৰে।

শুক্ৰবাৰে আৰক্ষীয়ে পুনৰ বৰপেটাত অভিযান চলাই মুল অভিযুক্ত আব্দুছ ছাত্তাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে,আৰক্ষীৰ জেৰাত চাৰি চুপাৰী কিলাৰে বহু চাঞ্চল্যকৰ তথ্য সদৰি কৰে ৷ আঠ লাখ টকাৰ বিনিময়ত হত্যা কৰা হৈছিল জাভেদ আলী আহমেদক ৷অৱশ্যে চাৰি চুপাৰী কিলাৰে ধন নাই পোৱা বুলি জেৰাত উল্লেখ কৰিছে যদিও আৰক্ষী প্ৰতিয়ণ যোৱা নাই ৷

উল্লেখযোগ্য, চুপাৰী কিলাৰৰ বলি হোৱা জাভেদ আলী আহমেদ অগাধ সম্পত্তিৰ গৰাকী আছিল ৷ সম্পত্তিৰ ভাগ বাটোৱাৰাৰ বাবেই এই নৃশংস হত্যাকাণ্ড সংঘটিত হয় বুলি সংবাদমেলত সদৰি কৰে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই

Exit mobile version