Wild elephant Dies Of Electrocution:মহানগৰীৰ উপকন্ঠ ৰাণীত হৃদয়বিদাৰক ঘটনা

খাদ্যৰ সন্ধানত জনাঞ্চলৈ ওলাই অহা তিনি হাতীৰ বিদ্যুৎ‍স্পৃষ্ট হৈ কৰুণ মৃত্যু

wild elephant

Wild elephant Dies Of Electrocution:

মহানগৰীৰ উপকন্ঠ ৰাণীত হৃদয়বিদাৰক কৰুণ ঘটনা। শুক্ৰবাৰে বিদ্যুৎ‍স্পৃষ্ট কৰুণ মৃত্যু তিনি ঘটে বন্যহস্তিৰ

প্ৰাপ্ত খবৰ অনুসৰি খাদ্যৰ সন্ধানত ওলাই আহিছিল এটা বনৰীয়া হাতীৰ জাক ৷ তাৰ পাছতেই বিদ্যুৎ‍স্পৃষ্ট হৈ কৰুণ মৃত্যু ঘটে তিনি বনৰীয়া হাতীৰ।

এই কৰুণ ঘটনা সংঘটিত হয় ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰাণী চাহ বাগিচাৰ পানীচন্দাত ৷

ইতিমধ্যে ঘটনাস্থলীত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া-বনকৰ্মী উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেই বিদ্যুৎ‍স্পৃষ্ট হৈ মৃত্যু হৈছিল কেইবাটাও বন্যহস্তিৰ ৷ তাৰ পাছতো বন বিভাগৰ সময়োচিত পদক্ষেপ নোলোৱাৰ বাবেই ইটোৰ পাছত সিটোকৈ সংঘটিত হৈছে এনে হৃদয়বিদাৰক ঘটনা ৷

স্থানীয় লোকে হাতীৰ মৃতদেহত ফুল ছটিয়াই ধুপ – বন্তি জ্বলাই শেষ বিদায় দিয়ে ৷

Exit mobile version