Dilapidated

kokrajhar :এমছিএলএ প্ৰকাশ বসুমাতাৰীৰ ব্যক্তিগত প্ৰচেষ্টাত মেৰামতি মোৱামাৰিৰ নৈৰ জৰাজীৰ্ণ কাঠৰ দলং ।

কোকৰাঝাৰ জিলাৰ মোৱামাৰি নৈৰ ওপৰত কাঠৰ দলং খন দীৰ্ঘদিন ধৰি ভাঙি জৰাজীৰ্ণ হৈ থকা বাতৰি ;দৈনিক অগ্ৰদূত’ কাকতত স্ব-বিস্তাৰে প্ৰকাশ পোৱাৰ পিছত বিটিছিৰ দোতমা সমষ্টিৰ এমছিএল এ প্ৰকাশ বসুমাতাৰীয়ে ব্যক্তিগত ভাবে মোৱামাৰী নৈৰ ওপৰত থকা জৰাজীৰ্ন কাঠৰ দলংৰ ওপৰেদি বাঁহৰ দলং বনাই দি ৰাইজৰ যাতায়ত সুচল কৰি দিয়ে ।

বিটিছিৰ দোতমা সমষ্টিৰ এমছিএলএ প্ৰকাশ বসুমাতাৰীয়ে মোৱামাৰী জৰাজীৰ্ণ দলংখন মেৰামতি কৰি দি ৰাইজৰ যাতায়ত সুচল কৰি দিয়াৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বিটিছিত প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰ খনে ৰাইজৰ একো উন্নয়ণ কৰিব পৰা নাই আৰু ভবিষ্যতেও নোৱাৰে ।

প্ৰমোদ বড়োৱে ২০২০ চনৰ পৰা বিটিছ অঞ্চল উন্নয়ণৰ বাবে বহুতো কোটি টকা খৰচ কৰিবলৈ সুবিধা লাভ কৰিছে যদিও আজিলৈকে কোনো ডাঙৰ আঁচনি ৰূাপায়ন কৰিব পৰা নাই ।

যাৰবাবে এতিয়া বিটিছি অঞ্চলত উন্নয়ণ স্তব্ধ হৈ পৰিছে । চৰকাৰৰ অকৰ্মন্য হোৱাত হাৰা শাস্তি সৰ্বসাধাৰনে ভোগ কৰিব লগীয়া হৈছে । সেই বাবে ৰাইজক সজাগ হবলৈ আহ্বান জনাইছে বিপিএফ দলৰ এমছিএলএ প্ৰকাশ বসুমাতাৰীয়ে ।

Exit mobile version