Chief Minister visits Nehru Stadium:নেহৰু ষ্টেডিয়াম ৫০,০০০ আসন ব্যৱস্থাৰ পুনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

hbs

Chief Minister visits Nehru Stadium:

সোমবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ঐতিহ্যমণ্ডিত গুৱাহাটী মহানগৰীৰ নেহৰু ষ্টেডিয়ামৰ ৫০,০০০ আসন যুক্ত গেলাৰী নিৰ্মাণৰ কাম-কাজ পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয় ৷

মুখ্যমন্ত্ৰীয়ে গেলাৰী নিৰ্মাণৰ কাম ক্ষীপতাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, উত্তৰ পূৰ্বৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত এই ষ্টেডিয়ামখনিৰ নিৰ্মাণধীন এই প্ৰকল্পৰ জৰিয়তে খেলুৱৈসকলৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব ৷

আনহাতে তেওঁ আৰু কয়, খেল এখনৰ অংশীদাৰ অকল খেলুৱৈ নহয় ,ইয়াৰ লগত জড়িত হৈ থাকে দৰ্শক ৰাইজ ৷ খেলুৱৈৰ সমানে সমানে দৰ্শকৰ উপস্থিতিও জৰুৰী। এনে প্ৰেক্ষাপটত দৰ্শকৰ সুবিধাৰ বাবে নেহৰু ষ্টেডিয়ামৰ গেলাৰী আটকধুনীয়া কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰে ৷

মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ক্ৰীড়াৰ ক্ষেত্ৰখন উচ্চ শিখৰলৈ আগবঢ়াই নিয়াৰ বাবে বহু পৰিকল্পনা যুগুত কৰিছে বুলি উল্লেখ কৰি কয়,উজনি অসমৰ অগ্ৰণী চহৰ যোৰহাটতো এখন আটকধুনীয়া ক্ৰীড়া ষ্টেডিয়ামৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথা সদৰি কৰে ৷

Exit mobile version