Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    ‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Congress Opposes Palm Oil Cultivation:পাম অইলৰ খেতিয়ে অসমৰ ভৱিষ্যতলৈ কঢ়িয়াই আনিছে অশনি সংকেত !

১১ হাজাৰ কোটিৰ অংক বাবা ৰামদেৱ-ৰাজনৈতিক নেতাৰ

publisher by publisher
August 9, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Congress Opposes Palm Oil Cultivation:পাম অইলৰ খেতিয়ে অসমৰ ভৱিষ্যতলৈ কঢ়িয়াই আনিছে অশনি সংকেত !
3
SHARES
33
VIEWS
ShareShareShareShare

Congress Opposes Palm Oil Cultivation:

অসমৰ ১৮ খন জিলাত পাম অইলৰ খেতি কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইণ্ডিয়ান কাউন্সিল অৱ এগ্রিকালচাৰেল ৰিচাৰ্ছ চমুকৈ আইচএআৰে এই খেতিত অনুমোদন জনাইছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল অসমৰ জলবায়ুৰ লগত এই খেতিৰ কোনো সম্পর্ক নাই বুলি ৰাজ্যখনৰ একাংশ কৃষি বিশেষজ্ঞই মন্তব্য কৰিছে। ইয়াৰ কাৰণ হ’ল এজোপা পূর্ণবয়স্ক পাম অইল বা তৈল খেজুৰ গছে দৈনিক ২০০-৩০০ লিটাৰ পানী সংগ্ৰহ কৰে।

ADVERTISEMENT

ইয়াৰ ফলত ভূগৰ্ভৰ পানী কমি যোৱাৰ আশংকা আছে আৰু অসম ক্ৰমে মৰুভূমিলৈ ৰূপান্তৰ হোৱাৰ ভয়ানক ঘটনা ঘটিব পাৰে। যিসময়ত অসমৰ শ শ ক্ষুদ্ৰ চাহ খেতিয়কে আবেদন জনায়ো চাহ খেতিৰ বাবে মাটি ম্যাদী কৰিব পৰা নাই সেই সময়ত বহিৰাগত কোম্পানীক চৰকাৰে লাখ হেক্টৰ মাটি দিয়াৰ ৰহস্য হ’ল গোপন বুজাবুজি। ৰাজসাহায্যৰ নামত আৱণ্টিত ১১ হাজাৰ কোটি টকাত চকু ৰামদেৱ আৰু একাংশ ৰাজনৈতিক নেতাৰ। এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাৰ ।

RelatedPosts

BWAI:বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি দিবলৈ

Bhupen kumer Bora:ভগৱানেও ক্ষমা নকৰে হিমন্ত বিশ্ব শৰ্মাক

Ulfa(I) calls for boycott of Republic Day:গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান বিদ্ৰোহী সংগঠনৰ

ইতিমধ্যে পাইলট প্রজেক্ট হিচাপে অসমৰ গোৱালপাৰা জিলাত এই খেতি কৰা হৈছিল আৰু উক্ত এলেকাত ভূমিৰ আর্দ্রতা কমি যোৱাৰ অভিযোগ উত্থাপন হৈছে। দেশৰ আন আন ৰাজ্যসমূহতো পাম খেতিৰ কোনো সুফলৰ বাতৰি প্ৰকাশ হোৱা নাই। ইয়াৰ বিপৰীতে বিশ্বৰ অন্যান্য দেশে লাহে লাহে পামখেতি পৰিহাৰ কৰিবলৈ আৰম্ভ কৰাৰ তথ্য আহিছে। বাবা ৰামদেৱ আৰু আন তিনিটা বিশেষ কোম্পানীক সহায় কৰিবৰ বাবে চৰকাৰে পাম খেতিৰ দ্বাৰা অসমৰ উৰ্বৰ ভূমিসমূহ নষ্ট কৰিব বিচাৰিছে।

ইয়াৰ বিৰুদ্ধে ইতিমধ্যে অসমৰ সাংসদ প্ৰদ্যুৎ বৰদলৈকে ধৰি কেবাজনেও চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল যদিও বিষয়টো কেন্দ্ৰীয় চৰকাৰে গুৰুত্বসহকাৰে গ্ৰহণ নকৰিলে। বিপৰীতে ভাৰত চৰকাৰে হাতত লোৱা মিছন পাম অইলৰ অধীনত অসমকো সামৰি ল’বলৈ চেষ্টাহে চলাই গৈছে। মিছন পাম অইলৰ বাবে চৰকাৰে ১১,০০০ কোটি টকাৰ অৰ্থ সাহায্যৰ কথা ঘোষণা কৰিছে।

ইয়াৰে ৮৮৪৪ কোটি টকা কেন্দ্ৰ চৰকাৰে আৰু ২১৯৬ কোটি টকা সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে বহন কৰিব। পাম অইলৰ খেতিৰ সৈতে জড়িত খেতিয়কসকল যাতে লোকচানৰ সন্মুখীন নহয় তাৰ প্ৰতিও মিছন পাম অইলত গুৰুত্ব প্ৰদান কৰা হৈছে । এই অনুযায়ী প্রথমে প্রতি হেক্টৰত ১২ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰা হৈছিল আৰু শেহতীয়াকৈ সেই সাহায্যৰ পৰিমাণ ২৯ হাজাৰ টকালৈ চৰকাৰে বৃদ্ধি কৰিছে।

পুৰণি পাম অইলৰ বাগিছা নতুনকৈ আৰম্ভ কৰিব খোজা খেতিয়কসকলকো প্ৰতিজোপা গছৰ বিপৰীতে ২৫০টকাকৈ সাহায্য প্ৰদানৰ কথাও আছে মিছন পাম অইলত। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল ভাৰতত অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, তামিলনাডুত পূৰ্বৰে পৰা পাম অইলৰ খেতি কৰি অহা হৈছিল । মিছন পাম অইলৰ অধীনত আন্দামান নিকোবৰত ইয়াৰ খেতি ব্যাপকভাৱে কৰাৰ পৰিকল্পনাও চৰকাৰে কৰিছে। কিন্তু অসমত এই খেতি কৰিলে হিতে বিপৰীত হ’ব পাৰে বুলি বিশেষজ্ঞসকলে বাৰম্বাৰ কৈ অহাৰ পিছতো বাবা ৰামদেৱক পাম অইলৰ খেতি কৰিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰিছে।

সেয়ে এতিয়া, মিছন পাম অইলৰ জৰিয়তে চৰকাৰে প্ৰদান কৰিবলগীয়া সাহায্যৰ ধনৰাশি খেতিয়ক বাবা ৰামদেৱৰ হাতত তুলি দিয়া হ’ব নেকি বুলিও প্রশ্ন উত্থাপিত হৈছে। কিয়নো অসমত অসমৰ সাধাৰণ খেতিয়কে নহয়, বাবা ৰামদেৱকহে অসম চৰকাৰে পাম অইলৰ খেতি কৰিবলৈ ভূমি আরণ্টন দিছে। তলত পাম অইল বা তৈল খেজুৰৰ খেতিক লৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কি ধৰণৰ কথা-বতৰা চলি আছে তাৰে কেইটামান বিষয় উল্লেখ কৰা হ’ল |

১। বোর্নিও দ্বীপৰ ছাৰাবাক আৰু কালিমস্তান ৰাজ্য আৰু মালয়েছিয়াৰ চাবাহ ৰাজ্যৰ খিলঞ্জীয়া লোকৰ মাটিত পাম খেতি কৰাত স্থানীয় লোক আৰু কৰ্পৰেটৰ মাজত সংঘাতৰ সৃষ্টি হৈছে আৰু স্থানীয় লোকসকল উচ্ছেদৰ সন্মুখীন হৈছে ।

২। ভাৰতবৰ্ষৰ ১১৭ গৰাকী গৱেষক পৰিৱেশবিদে ইতিমধ্যে এই খেতিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি
মিছন পাম অইলৰ বিৰোধিতাৰে প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিছো

৩। মিজোৰাম আৰু নগালেণ্ডৰ কৃষকসকলে পাম অইলৰ পৰা ক্ষতিগ্ৰস্ত হৈ নিজেই গছবোৰ কাটি পুনৰ পূৰ্বৰ ধৰণে খেতি কৰিবলৈ ঐক্যবদ্ধ হৈছে।

৪। ২০১৮ চনৰে পৰা বিশ্বৰ কেবাখনো উন্নত দেশে স্বাস্থ্যজনিত দিশলৈ চাই পাম অইলৰ ব্যৱহাৰত পর্যায়ক্রমে নিষেধাজ্ঞা আৰোপ কৰিবলৈ আৰম্ভ কৰে। ফলত পাম অইল উৎপাদনকাৰী দেশসমূহৰ তালিকাত শীর্ষ স্থানত থকা মালয়েছিয়াই ২০২০ চনত ‘পাম অইল বা তৈল খেজুৰ আল্লাহৰ অৱদান’ বুলি শ্লাগান দিছিল।

৫। পাম অইলৰ খেতিৰ ফলত পাম অইল উৎপাদনকাৰী বিশ্বৰ দুই শীৰ্ষৰ দেশ ক্রমে মালয়েছিয়া আৰু ইণ্ডোনেছিয়াত ব্যাপক জলবায়ু পৰিৱৰ্তন পৰিলক্ষিত হৈছে। লগতে দেশ দুখনত বনধ্বংস আৰু পৰিৱেশৰ ওপৰত বিভিন্ন ধৰণৰ বিৰূপ প্ৰভাৱো পৰা দেখা গৈছে।

৬। পাম অইলৰ খেতিৰ ফলত ব্যাপক কাৰ্বন নির্গমন হয়। একেদৰে গোলকীয় উষ্ণতাতো বিৰূপ প্ৰভাৱ পৰে বুলি বিজ্ঞানীসকলে গৱেষণাৰ অন্তত নিশ্চিত হৈছে।

৭। ইউৰোপীয়ান ইউনিয়নে ইতিমধ্যে ২০২৬ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ পাম অইল ব্যৱহাৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰিছে। যদিহে ইণ্ডোনেছিয়া আৰু মালয়েছিয়াই জৈৱ বৈচিত্ৰালৈ গুৰুত্ব নিদি পাম অইলৰ খেতি কৰি গৈ থাকে তেন্তে সমগ্ৰ ইউৰোপত পাম অইল নিষিদ্ধ হৈ পৰিব।

আনহাতে, মিছন পাম অইলৰ জৰিয়তে ভাৰত চৰকাৰে ইণ্ডোনেছিয়া আৰু মালয়েছিয়াই কৰাৰ দৰে একেটা ভুলকৈ কৰিবলৈ গৈ আছে বুলিও মন্তব্য কৰিছে বিশেষজ্ঞসকলে । বিশেষকৈ অসম, আন্দামান নিকোবৰ, মিজোৰাম, নাগালেণ্ড, অৰুণাচলৰ দৰে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ ঠাইত পাম অইলৰ খেতি কৰিবলৈ লোৱাৰ ফলত পাৰিপাৰ্শ্বিক দিশটোলৈ যে সংকট নামি আহিব সেয়া নিশ্চিত।

৮। কৃষি বিজ্ঞানীসকলৰ মতে ভাৰতৰ জলবায়ু পাম অইলৰ খেতিৰ বাবে অনুকূল নহয়। ফলত পাম অইলৰ খেতিৰ পৰা উৎপাদিত হোৱা তেলৰ গুণগত মানদণ্ড ইণ্ডোনেছিয়া আৰু মালয়েছিয়াতকৈ কম হোৱাত আন্তঃর্জাতিক বজাৰতেই হওক বা ঘৰুৱা বজাৰতেই হওক ইয়াৰ চাহিদা আশা কৰা ধৰণে নহ’ব । ফলত এই খেতিৰ সৈতে জড়িত খেতিয়কসকলে পিছলৈ মূৰে কপালে হাত দিবলগীয়া অৱস্থা হোৱাৰ পূর্ণমাত্রাই সম্ভাৱনা আছে।

৯। পাম অইলৰ মেল্টিং পইণ্ট অধিক আৰু ইয়াত ছেচুরেটেড ফেট বহুত থাকে। ফলত পাম অইলৰ মাত্ৰাধিক ব্যৱহাৰে হৃদৰোগৰ আশংকা বৃদ্ধি কৰে। সেয়ে বিশ্বৰ বহু দেশে লাহে লাহে পাম অইলৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ চিন্তা-চৰ্চা অব্যাহত ৰাখিছে। যদিহে অহা ৫ বছৰত বিশ্বৰ অধিকাংশ দেশে পাম অইলৰ ব্যৱহাৰ বন্ধ কৰে তেতিয়া পাম অইল নিৰ্ভৰ অৰ্থনীতি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিব। এফালে পাম অইলৰ খেতিয়ে অসমৰ প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট কৰিব, আনফালে যেতিয়া ৫ বছৰ পিছত তেল উৎপাদন হ’বলৈ আৰম্ভ কৰিব তেতিয়া চাহিদা হ্রাস পোৱাত লোকচানৰ বাদে আন একো নহ’ব।

১০। পাম অইলৰ খেতিৰ ফলত ইণ্ডোনেছিয়া, মালয়েছিয়া, সুমাত্ৰা আৰু জাভা দ্বীপত ওৰাংওটাং, পিগমি হাতী, সুমাত্ৰাৰ গঁড়ৰ দৰে জন্তুসমূহ বিলুপ্তপ্ৰায় হৈ পৰাৰ উপক্ৰম ঘটিছে। গতিকে অসমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে এনে খেতি কৰিবলৈ ল’লে তাৰ প্ৰভাৱ যে বন্য জীৱ-জন্তুৰ ওপৰত নপৰিব তাৰ কোনো নিশ্চয়তা নাই।

১১। WWF-ৰ মতে পাম অইলৰ খেতিয়ে জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই অনাৰ লগতে মাটি, পানী আৰু বায়ু উভয়তে প্ৰদূষণৰ সৃষ্টি কৰে । গতিকে আমি স্পষ্টকৈ ক’ব খোজো যে যি খেতিৰ ফলত ভবিষ্যতে ক্ষতি হোৱাৰ আশংকা আছে আৰু বিশ্বত উক্ত খেতিৰ পৰা উৎপাদিত দ্রব্যবিধৰ চাহিদা হ্রাস পোৱাৰো সম্ভাৱনা আছে তেনে খেতি অসমৰ ১ লাখ হেক্টৰ মাটিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণক আচলতে এক ভয়ংকৰ বিপদৰ দিশে ঠেলি দিছে।

একেদৰে এই খেতি কৰিবলৈ বাবা ৰামদেৱ আৰু আন বৃহৎ পুঁজিপতি প্রতিষ্ঠানক অসমৰ ইমান বৃহৎ পৰিমাণৰ ভূমি চৰকাৰী উদ্যোগত এৰি দি চৰকাৰে ভিতৰুৱাকৈ কোনো কমিছনৰ অংক কৰিছে বুলিও আমাৰ মনত সন্দেহৰ উদ্ৰেক ঘটিছে। সেয়ে আমি অসমৰ জলবায়ু, মাটি, পানী, বায়ুৰ লগতে আন একাধিক ক্ষেত্ৰলৈ বিপদ কঢ়িয়াই আনিব পৰা পাম অইলৰ দৰে এবিধ বিদেশী উদ্ভিদৰ খেতি কৰিবলৈ লোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু অনতিপলমে তেনে সিদ্ধান্ত পৰিহাৰ কৰিবলৈ চৰকাৰক সকীয়াই দিছো।

লগতে স্বদেশী সামগ্ৰী ব্যৱহাৰ কথা কোৱা বাবা ৰামদেৱে বিদেশী পাম অইলৰ খেতি কৰিবলৈ অসমক বাচি লোৱা কাৰ্যকো গৰিহণা জনাইছো। শেষত ইয়াকে ক’ব পাৰি যে কেৱল পুঁজিপতিৰ স্বাৰ্থ পূৰণৰ লগতে জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা বৰ্তমানৰ চৰকাৰখনৰ একাংশ নেতা-মন্ত্ৰীয়ে নিজৰ লাভালাভৰ বাবেই এই সর্বনাশী খেতি কৰিবলৈ বহিৰাগত লোকক অসমৰ ভূমি গতাই দিবলৈকো কুণ্ঠাবোধ কৰা নাই ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APCCCongress OpposesPalm Oil CultivationPress release
publisher

publisher

Related Posts

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

May 11, 2025
‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
India

‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d