Rahul Gandhi Flying Kiss In Parliament:‘ফ্লায়িং কিছ’ বিতৰ্কত ৰাহুল গান্ধী !

মহিলা সাংসদে ৰাহুলৰ বিৰুদ্ধে অধ্যক্ষক দিলে অভিযোগ

rahul gandhi flying kiss

Rahul Gandhi Flying Kiss In Parliament:

লোকসভাত বিৰোধী দল সমূহৰ উমৈহতীয়া মঞ্চ ‘ইণ্ডিয়া’ই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ পাছত বিতৰ্কৰ আজি দ্বিতীয় দিন ৷

সংসদত অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনা চলি থকাৰ সময়তে এক বিতৰ্কত সোমাই পৰে ৰাহুল গান্ধী। গান্ধীয়ে এই বিৰ্তকৰ সময়ত সাংসদ সকলে নিজ নিজ বক্তব্য উপস্থাপন কৰি থকাৰ মাজতে হঠাতে বিজেপি সাংসদ সকলক উদ্দেশ্য কৰি ফ্লায়িং কিছ দিয়ে ৷

অনাকাংক্ষিত এই কাৰ্যৰ পাছতে শাসকীয় সাংসদ সকলে ৰাহুল গান্ধীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷ কংগ্ৰেছ নেতা গৰাকীৰ আচৰণক লৈ এন ডি এ কে’বা গৰাকী মহিলা সাংসদৰ ফালৰ পৰা লোকসভাৰ অধ্যক্ষক ইতিমধ্যে দাখিল কৰে অভিযোগ ।

আনপিনে সদনৰ মজিয়াত ৰাহুলৰ ফ্লায়িং কিছ সম্পৰ্কত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,সংসদৰ দৰে পবিত্ৰ সদনত এজন জ্যেষ্ঠ সাংসদৰ আচৰণ অতি গৰিহণাযোগ্য আৰু অভদ্ৰ আচৰণ ।

উল্লেখ্য যে, ৰাহুল গান্ধীয়ে সাংসদ পদ ঘূৰাই পোৱাৰ পাছত বুধবাৰে লোকসভাত উপস্থিত হৈ মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতি সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি ৰহস্যজনক বুলি উল্লেখ কৰি চৰকাৰক সমলোচনাৰে থকা-সৰকা কৰে ৷

ইয়াৰ পাছতে সাংসদ গৰাকী সদনৰ পৰা প্ৰস্থান কৰাৰ পাছতে বিজেপি মহিলা সাংসদ সকলে ৰাহুল গান্ধীয়ে সদনত তেওঁলোকক উদ্দেশ্য কৰি ফ্লায়িং কিছৰ দিয়াৰ কথা সদৰি কৰে ৷

উল্লেখ্য যে,সদনত বস্ত্ৰমন্ত্ৰী স্মৃতি ইৰাণীয়ে ভাষণ দি থকাৰ সময়তে এই অনাকাংক্ষিত কাৰ্য সংঘটিত হোৱা বুলি অভিযোগ কৰে এন ডি এ সাংসদ সকলে ৷ আনহাতে ৰাহুল গান্ধীৰ ফ্লায়িং কিছৰ দৃশ্য লোকসভাৰ লাইভ টেলিকাষ্ট কৰি থকা কেমেৰাত বন্দী হোৱা নাই।

কিন্ত বিজেপি সহ এন ডি এৰ একাংশ সাংসদে অভিযোগ কৰা মতে, অনাস্থা বিতৰ্কত অংশ লৈ ৰাহুল গান্ধী সদনৰ পৰা ওলাই অহাৰ সময়তে তেওঁৰ হাতৰ পৰি সৰি পৰে ফাইল৷ ফাইলটো মজিয়াৰ পৰা উঠাব লওঁতেই বিজেপি সাংসদ সকলে হাঁহিবলৈ ধৰে ৷তাৰ প্ৰত্যুত্তৰত ৰাহুলে গান্ধীয়ে বিজেপি সাংসদ সকলক উদ্দেশ্যি ফ্লায়িং কিছ দি হাঁহি প্ৰস্থান কৰে সদনৰ ভিতৰৰ পৰা ৷

ইয়াৰ পাছতে ৰাহুল গান্ধীৰ ফ্লায়িং কিছক লৈ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শোভা কৰন্দলাজেয়ো কয়, এনে হোৱাটো অনুচিত ৷ শেহতীয়া খৱৰ অনুসৰি শাসকীয় এন ডি এৰ কে’বা গৰাকী মহিলা সাংসদৰ স্বাক্ষৰিত এক পত্ৰ ইতিমধ্যে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক দাখিল কৰি সময়োচিত পদক্ষেপ লোৱাৰ দাবী কৰে ৷

Exit mobile version