Guwahati Student Murder:
ক্ৰমাৎ অপৰাধ নগৰীলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰ ৷ ইটোৰ পাছত সিটোকৈ সংঘটিত হোৱা অপৰাধমূলক ঘটনাই উদ্বিগ্ন কৰি তুলিছে মহাগৰবাসীক। পুনৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰক অপহৰণ কৰি নৃশংসভাৱে হত্যাৰ দৰে চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয় বোন্দাৰ আমচিং অভয়াৰণ্য ফৰেষ্ট কেম্পৰ সমীপত ৷
প্ৰাপ্ত খবৰ অনুসৰি বৰসজাই মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰ বেলতলাৰ বনগাঁৱৰ নীতেশ কুমাৰক তেওঁৰে পূৰ্বৰ চিনাকি তথা পদপথৰ দোকানী অভিষেক বৰুৱাই অপহৰণ কৰি হত্যাৰ অভিযোগ উদ্থাপনৰ পাছতে আৰক্ষীয়ে ক্ষীপতাৰে তদন্ত কৰি ইতিমধ্যে অভিষেকক আটক কৰে ৷
ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ত কৰা হত্যাকাৰী অভিষেকৰ আৰক্ষীৰ মাৰাথন জেৰাত সদৰি কৰা মতে, নিদেশ কুমাৰে তেওঁৰ পৰা ধাৰে লৈছিল প্ৰায় ২ লাখ ৭ হাজাৰ টকা ৷ কিন্ত বহুবাৰ ধন উভতাই বিচৰাৰ পিছতো ধন নেপায় এইদৰে হত্যা কৰা হয় বুলি কয় যদিও আৰক্ষী প্ৰতিয়ণ যাব পৰা নাই ৷
এজন ১৫ বছৰীয়া স্কুলীয়া ছাত্ৰই ইমান বৃহৎ পৰিমানৰ ধন কিয় ধাৰে ল’ব ৷ আৰক্ষীক বিভ্ৰান্ত কৰিবৰ বাবে হত্যাকাৰী অভিষেকে কৌশলী স্থিতি লৈছে ৷
আনহাতে নিদেশ কুমাৰৰ পিতৃয়ে বশিষ্ট আৰক্ষী নিৱেশত দিয়া এজাহাৰত উল্লেখ কৰা মতে,তেওঁৰ পুত্ৰক স্কুললৈ থৈ অহাৰ অচিলাৰে নাৰেংগীত ফুটপাথত দোকান দিয়া বোন্দাৰ অভিষেকে মটৰ চাইকেলত উঠাই বুধবাৰে পুৱাতে ঘৰৰ পৰা লৈ গৈছিল ৷ কিন্ত তাৰ পাছত ফোনত মুক্তিপণ হিচাপে আলফাৰ নাম লৈ সাত লাখ টকা দাবী কৰা হৈছিল ৷
কিন্ত বুধবাৰে আবেলি বোন্দাৰ আমচিং অভয়াৰণ্য ফৰেষ্ট কেম্পৰ সমীপত ৰহস্যজনকভাৱে উদ্ধাৰ হয় নিতেশৰ মৃতদেহ।
ইপিনে আমচিং অভয়াৰণ্য ফৰেষ্ট কেম্পৰ ভিতৰত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত প্ৰত্যক্ষদৰ্শী হিচাপে বনকৰ্মী আৰু স্থানীয় লোকে কয়,দুজন যুৱকে হাতত দা লৈ প্ৰৱেশ কৰিছিল ৷ পাচতে এজন যুৱক পুনৰ দা লৈ অভয়াৰণ্যৰ পৰা ওলাই আহিছিল ৷
হত্যাকাণ্ডৰ প্ৰকৃত তথ্য সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ শেহতীয়া খবৰ অনুসৰি এই জঘন্য হত্যাকাণ্ডৰে হাৰ্দিক এজন যুৱক জড়িত থকাৰ সম্বেদ লাভ কৰিছে আৰক্ষীয়ে ৷
আনহাতে হত্যাকাৰী অভিষেকৰ মাতৃয়ে মন্তব্য দি কয়,তেওঁ পুত্ৰ অভিষেকে যদি এই হত্যাকাণ্ড সংঘটিত তেকৰিছে তেন্তে তাক কঠোৰ শাস্তি দিয়া হওক ৷
লোমহৰ্ষক হত্যাকাণ্ডৰ মুল অভিযুক্ত অভিষেক বৰুৱাক বশিষ্ট আৰক্ষীয়ে আটক কৰি ইতিমধ্যে থানাত ৰখাৰ পাছত আজি দুপৰীয়া গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ঘটনাৰ বুজ লবলৈ থানাত উপস্থিত হয় ৷ এই লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ মহানগৰত ৷