MNF To Vote Against NDA Govt:অনাস্থা প্ৰস্তাৱ:এন ডি এৰ সহযোগি মিজো নেচনেল ফন্টৰ ঘোষণা

চৰকাৰৰ বিপক্ষে ভোটদান কৰিব

zoramthanga

MNF To Vote Against NDA Govt:

মণিপুৰ প্ৰসংগত কংগ্ৰেছ সহ বিৰোধী দল সমূহৰ উমৈহতীয়া মঞ্চ ইণ্ডিয়া’ই চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উদ্থাপন কৰাৰ পাছত আজি সন্ধিয়া ভাগত হ’বলগীয়া ভোটদানত ঘটনাক্ৰমে এন ডি এৰ সহযোগি দল ‘মিজো নেচনেল ফন্টে চৰকাৰৰ বিপক্ষে ভোটদান কৰিব ৷

মিজোৰামৰ শাসনাধিষ্ঠ দলটোৰ এই সিদ্ধান্তই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ উল্লেখ্য যে, দলটোৰ একমাত্ৰ সাংসদ চি লাল-ৰ’চাংগাই কৰিব ভোটদান কৰিব লোকসভাত ৷

উল্লেখ্য যে,মণিপুৰৰ হিংসাত্মক ঘটনাত কুকিসকলৰ প্ৰতি চলা অত্যাচাৰৰ প্ৰতিবাদত এম এন এফে এই সিদ্ধান্ত লয় বুলি জানিব পৰা গৈছে ৷

মণিপুৰৰ হিংসাত্মক ঘটনাৰ পাছৰে পৰা মণিপুৰৰ শাসনাধিষ্ঠ বিজেপিৰে ব্যৱধান বৃদ্ধি পাইছিল মিজোৰামৰ শাসকীয় এম এন এফ চৰকাৰৰ ৷

Exit mobile version