Gaurav Gogoi Speech In Parliament:
মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতিক লৈ সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনত ২৬ জুলাইত বিৰোধীৰ মিত্ৰজোঁট ইণ্ডিয়াই অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ পাছত ইয়াক মঞ্জুৰ কৰিছিল অধ্যক্ষই মঞ্জুৰ কৰিছিল।
মঙলবাৰে দুপৰীয়া সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ পাছতে বিৰোধী উপ- দলপতি তথা কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে সংসদত অনাস্থা প্ৰস্তাৱ উদ্থাপন কৰি মাৰ্টিন লুথাৰৰ উদ্ধৃতিৰে মণিপুৰৰ হিংসাত্মক পৰিস্থিতি ৰোধ কৰাত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ আওকণীয়া মনোভাৱক তীব্ৰ সমালোচনা কৰি শাসনাধীনস্থ চৰকাৰক উদাত্ত ভাষনৰে থকাসৰকা কৰে ৷
মণিপুৰৰ ন্যায়ৰ বাবে বাবে আদি এই অনাস্থা আনিছে বুলি উল্লেখ কৰি কয়,মণিপুৰ জ্বলিছে মানে গোটেই ভাৰত জ্বলিছে ৷ মণিপুৰ সম্পৰ্কত মন্তব্য দিবলৈ প্ৰধানমন্ত্ৰীৰ ৮০ দিন কিয় লাগিল বুলি প্ৰশ্ন কৰে গগৈয়ে ৷
আনহাতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰে ড্ৰাগছ মাফিয়াৰে সম্পৰ্ক থকা বুলি উল্লেখ কৰি সাংসদ গগৈয়ে কয় ৰাজ্য খনত ড্ৰাগছ মাফিয়া আটক হ’লেই চি এম অ অফিচৰ পৰা মুকলি কৰিবলৈ দিয়াৰ নিৰ্দেশ আহে।
একপ্ৰকাৰ ৰাজ্য চৰকাৰ খন ড্ৰাগছ মাফিয়াৰে সুসম্পৰ্ক থকাৰ অভিযোগ কৰে ৷ আনকি ড্ৰাগছ মাফিয়া আজি মণিপুৰৰ এখন স্বায়ত্ত্বশাসিত পৰিষদৰ অধ্যক্ষ ৷
মণিপুৰ সন্দৰ্ভত এই অনাস্থা প্ৰস্তাৱৰ জৰিয়তে বিৰোধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ মৌনব্ৰত ভাঙিব বিচাৰিছে ৷ সংখ্যাৰ জোৰত চৰকাৰ সংখ্যাগৰিষ্ঠ যদিও মণিপুৰৰ জনতাৰ ওচৰত চৰকাৰ জবাৰদিহি হ’ব লাগিব বুলি উল্লেখ কৰি কলিয়াবৰৰ সাংসদ গৰাকীয়ে কয়,আমাৰ দাবী আছিল সংসদত মণিপুৰৰ অগ্নগৰ্ভা পৰিস্থিতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এক বিবৃতি দিয়ক ৷
কিন্ত তেওঁ আজি পৰ্যন্ত সংসদত উপস্থিত নাথাকি এক প্ৰকাৰ বিৰেন সিং চৰকাৰৰ অকমন্যতাত মৌন সমৰ্থন দি ৰক্ষণাবেক্ষণ দি আহিছে ৷ এনে প্ৰেক্ষাপটত আজি মণিপুৰৰ ছাত্ৰ সমাজে ন্যায় বিচাৰিছে।
উল্লেখ্যে যে, মণিপুৰৰ ঘটনা সন্দৰ্ভত সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে। বিৰোধীয়ে মণিপুৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বিচাৰিছে যদিও এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কোনো বক্তব্য ৰখা নাই।
মনকৰিবলগীয়া যে এদিন পূৰ্বে নিজৰ সদস্যপদ ঘূৰাই পোৱা ৰাহুল গান্ধীয়ে প্ৰথমদিনাৰ আলোচনাত অংশগ্ৰহণ কৰি সম্বোধন কৰিব। আনহাতে আজি সন্ধিয়া সাত বজালৈ চলিব অনাস্থা প্ৰস্তাৱক লৈ আলোচনা ।
বুধবাৰে সদন পুনৰ আৰম্ভ হোৱাৰ বিপৰীতে বৰ্ষাকালীন অধিৱেশনৰ অন্তিম দিন ১০ আগষ্ট। ভোটিং হোৱাৰ পূৰ্বে অন্তিম দিনা বিয়লি ৪ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ অন্তিম ভাষণ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ।
ইপিনে বিৰোধীৰ যৌথ মঞ্চ ইণ্ডিয়াই কয়, এইবাৰ অনাস্থা প্ৰস্তাৱ জয়–পৰাজয়ক লৈ অনা নাই, মণিপুৰক লৈ সদনত উচিত আলোচনা হওক আৰু এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে মন্তব্য ৰাখক।
আনহাতে শেহতীয়া খৱৰ অনুসৰি নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত বিজেপিৰ সংসদীয় বৈঠক আৰম্ভ হৈছে ৷ এই বৈঠকতে বিৰোধীৰ অনাস্থা প্ৰস্তাৱ সম্পৰ্কত বিজেপি তথা এন ডি এৰ ৰণকৌশল কি হ’ব তাৰ ওপৰত আলোচনা হয় ৷ উল্লেখ্য যে,সংসদীয় বৈঠকত ভাগ লয় কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷