Tingkhong Romance Gogoi :টিংখাঙৰ ৰোমাঞ্চ গগৈক লাগে হৃদয়ৱান লোকৰ সহাৰি

পত্নী আৰু পুত্ৰক বুকুত সাবটি জীয়াই থকাৰ দুৰবাৰ হেপাঁহ , নিজৰ যকৃত দান কৰি হলেও স্বামীক জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা পত্নীৰ 

tinkhong

Tingkhong Romance Gogoi :

যকৃতৰ এক জটিল ৰোগত আক্ৰান্ত হৈ শৰ্য্যশাৰী হব লগা হৈছে টিংখাঙৰ ২ নং বেতনি গাঁৱৰ প্ৰয়াত ঘণকান্ত গগৈ আৰু ডালিমী গগৈৰ পুত্র ৰোমাঞ্চ গগৈ (৪৬) । যোৱা তিনি বছৰে গুৱাহাটী, ডিব্ৰুগড় আদিত চিকিৎসা কৰি ভাগৰি পৰা ৰোমাঞ্চ গগৈৰ লগতে পৰিয়াল এতিয়া সৰ্বস্বান্ত।

ইতিমধ্যে চিকিৎসাৰ নামত বহু লাখ টকা খৰচ কৰি  সৰ্বস্বান্ত হৈ পৰা ৰোমাঞ্চ গগৈক উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ যোৱাৰ পৰামৰ্শ আগবঢ়াইছে চিকিৎসকে। এতিয়া তেওঁৰ যকৃত পুনৰসংস্থাপন কৰিলেহে আৰোগ্য লাভ কৰিব বুলি চিকিৎসকে জনোৱাত পৰিয়ালটোৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।

এই ব্যয়বহুল চিকিৎসাৰ বাবে তেওঁলোকক প্ৰয়োজন বহু পৰিমাণৰ ধনৰ । যকৃত পুনৰসংস্থাপনৰ দৰে ব্যয়বহুল চিকিৎসাৰ বাবে ধনৰ অভাৱত দিনতে অন্ধকাৰ দেখিছে দুৰ্ভগীয়া পৰিয়ালটোৱে। এফালে একমাত্ৰ পত্নী আৰু পুত্ৰক বুকুত সাবটি জীয়াই থকাৰ দুৰবাৰ হেপাঁহ আনফালে নিজৰ যকৃত দান কৰি হলেও স্বামীক জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা কৰিছে পত্নীয়ে ।

উপায়হিন দুভগীয়া পৰিয়ালটোৰ এতিয়া একমাত্ৰ ভৰসা অসমৰ মুখ্যমন্ত্ৰী আৰু হৃদয়ৱান ৰাইজৰ ওপৰত। সেয়েহে সংবাদ মাধ্যমৰ যোগেদি চৰকাৰ আৰু অসমবাসী ৰাইজলৈ তেওঁলোকৰ কাতৰ আহ্বান আমাক জীয়াই থাকিবলৈ সহায় কৰক

আনহাতে স্থানীয় সচেতন ব্যক্তি সকলেও সামাজিক দায়বদ্ধতাৰে সমাজৰ হকে কাম কৰি অহা ৰোমাঞ্চ গগৈক সহায় কৰিবলৈ আহ্বান জনাইছে যদি কোনো হৃদয়ৱান লোকে দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰে তেনেহলে ৰোমাঞ্চ গগৈৰ SBI টিংখাং শাখাত থকা একাণ্ট নম্বৰ 35386900274 , IFSC – SBIN0007327 নম্বৰত নতুবা 8099421157 মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব ।

Exit mobile version