Heroin Seized In Kachua:নগাঁৱৰ কচুৱাত আৰক্ষীৰ অভিযানত জব্দ ৫৪ টা হেৰ’ইন ভৰ্তি কন্টেনাৰ

heroin seized 1

Heroin Seized In Kachua:

ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে শেহতীয়াকৈ নগাঁও আৰক্ষীয়ে ব্যাপক অভিযান অৱ্যাহত থকাৰ মাজতে শুকুৰবাৰে নিশা আৰক্ষী আৰু গাওঁৰক্ষী বাহিনীয়ে কচুৱা অঞ্চলৰ গেৰজাইপামত ড্ৰাগছ বিৰোধী অভিযান চলায় জব্দ কৰে হেৰ’ইন ভৰ্তি ৫৪ টা কন্টেনাৰ আৰু ৩ টা ছিৰিঞ্জসহ এজন সৰবৰাহকাৰীক ৷

ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম আবুল হুছেইন। আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ ৩১.২৬ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰি বৰ্তমান জেৰা অব্যাহত ৰাখিছে।

Exit mobile version