Home Minister’s Medal:দেশৰ ১৪০ আৰক্ষী বিষয়ালৈ গৃহমন্ত্ৰীৰ মেডেল

২০২৩ বৰ্ষত উৎকৃষ্ট মানৰ তদন্তৰ বাবে মেডেল, অসম আৰক্ষীৰ চাৰি বিষয়ালৈ গৃহমন্ত্ৰীৰ মেডেল, ডিচিপি সুৰজিৎ সিং পানেছৰ, পৰিদৰ্শক দুৰ্গা কিংকৰ কুমাৰ, আৰিফুল হক, উপ-পৰিদৰ্শক এম থাদৈ সিঙলৈ এই সন্মান

home miniter madel

Home Minister’s Medal:

২০১৮ বৰ্ষৰ পৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰদান কৰি অহা অপৰাধৰ ক্ষেত্ৰত কৰা উৎকৃষ্ট মানৰ তদন্তৰ বাবে বিশেষ মেডেল বঁটা এই বৰ্ষটো দেশৰ ১৪০ আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হয় ৷

প্ৰতিবৰ্ষৰ ১২ আগষ্টত ঘোষণা কৰা হয় বঁটা প্ৰাপকৰ নাম ৷ আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰা মেডেল দেশৰ ১৪০ জনৰ ভিতৰত অসমৰ চাৰি বিষয়াৰ নাম অন্তভূক্ত হয় ৷ গৃহমন্ত্ৰীৰ মেডেল লাভ কৰা অসম আৰক্ষী বিষয়া সকল হ’ল গুৱাহাটী মহানগৰ আৰক্ষীৰ পূব আৰক্ষী জিলাৰ আৰক্ষী উপায়ুক্ত সুৰজিৎ সিং পানেছৰ, পৰিদৰ্শক দুৰ্গা কিংকৰ কুমাৰ, আৰিফুল হক, উপ-পৰিদৰ্শক এম থাদৈ সিঙ ৷

উল্লেখ্য যে,দেশৰ ১৪০ গৰাকী বঁটা প্ৰাপকৰ ভিতৰত চিবিআইৰ ১৫ গৰাকী,১২গৰাকী নিয়াৰ লগতে গুজৰাটৰ ৬গৰাকী,কেৰালা আৰু ৰাজস্থানৰ পৰা ৯গৰাকীকৈ,

তামিলনাডুৰ ৮ গৰাকী, মধ্য প্ৰদেশৰ ৭গৰাকী আৰু উত্তৰ প্ৰদেশৰ ১০গৰাকীৰ লগতে ২২গৰাকী মহিলা আৰক্ষী বিষয়াক ২০২৩ বৰ্ষৰ উৎকৃষ্ট মানৰ তদন্তৰ বাবে মেডেল বঁটাৰে নিৰ্বাচিত কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে

Exit mobile version