Rangia Mother- Daughter Dedbody Recovered:ৰঙিয়াত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ, সন্ধান নাই স্বামীৰ

ঘটনা পোহৰলৈ অহাৰ পাছতে পলায়ন কৰিছিল মাতৃ-কন্যাৰ স্বামী - পিতৃ প্ৰবীন আগৰৱালা, মৃতদেহৰ পৰা দুগন্ধ ওলোৱাত পোহৰলৈ আহে ঘটনা,নগাঁৱত গ্ৰেপ্তাৰ প্ৰবীন আগৰৱালা

deadbody

Rangia Mother- Daughter Dedbody Recovered:

ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা । সোমবাৰে অৰ্ধগলিত অৱস্থাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ ৷ মৃতদেহৰ পৰা দুগন্ধ ওলোৱাট পোহৰলৈ আহে ঘটনা ৷ তিনিদিন ধৰি বন্ধ কোঠাত পৰি আছিল মৃতদেহ দুটা ৷

ঘটনা পোহৰলৈ অহাৰ পাছতে পলায়ন কৰিছিল মাতৃ-কন্যাৰ স্বামী – পিতৃ প্ৰবীন আগৰৱালা ৷ অৱশেষত নগাঁৱত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আগৰৱালাক ৷

ৰঙিয়া চহৰৰ শিৱমন্দিৰ সমীপৰ এটা অট্টালিকাত উদ্ধাৰ কৰা মাতৃ- কন্যাক পিনু আগৰৱালা আৰু কণিকা আগৰৱালাৰ বুলি চিনাক্ত কৰা হয়।

ইতিমধ্যে এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰঙিয়া চহৰত ৷

কন্যা কণিকা আগৰৱালা উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী আছিল ৷ আনহাতে পুৱা স্থানীয়লোকে প্ৰবীন আগৰৱালাক প্ৰত্যক্ষ কৰিছিল যদিও তাৰ পাছৰে পৰা সন্ধানহীন হয় ৷

চাঞ্চল্যকৰ ঘটনাৰ পাছতে আৰক্ষী আৰু চি আই ডিৰ দল উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰাৰ লগতে মৰনোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে মৃতদেহ দুটা হাস্পতাললৈ প্ৰেৰণ কৰিছে ৷

আনহাতে লোমহৰ্ষক হত্যাকাণ্ড কোনে কি কাৰণত সংঘটিত কৰিছে এই সন্দৰ্ভত আৰক্ষীয়ে ক্ষীপ্ৰ তদন্তইহে সকলো পোহৰলৈ আহিব বুলি আশা কৰে স্থানীয় লোকে ৷

বিশেষ সূত্ৰ এটাই সদৰি কৰা মতে,পাৰিবাৰিক কন্দলৰ বাবেও সংঘটিত হ’ব পাৰে এই ঘটনা৷

আনহাতে ঘটনা পোহৰলৈ অহাৰ পাছৰে পলায়ন কৰাৰ মাতৃ-কন্যাৰ স্বামী – পিতৃ প্ৰবীন আগৰৱালাক শেহতীয়াকৈ ৰঙিয়া আৰক্ষীয়ে নগাঁও আৰক্ষীৰ সহযোগত আটক কৰিছে৷

আটকাধীন প্ৰবীন আগৰৱালাৰ স্বীকাৰোক্তিহে সকলো দিশ পোহৰলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰে সচেতন মহলে ৷

Exit mobile version