Unidentified Body Recovered In Sangsari:চাংসাৰিত ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত উদ্ধাৰ ট্ৰাক চালকৰ মৃতদেহ

cangsari deadbody

Unidentified Body Recovered In Sangsari:

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কামৰূপ জিলাৰ চাংসাৰিত ৰাষ্ট্ৰীয় ঘাই পথৰ পেলনীয়া সামগ্ৰীৰ দ’মত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ

দেওবাৰে চাংসাৰি  আৰক্ষী থানাৰ অন্তৰ্গত চৌকিগেটৰ সমীপৰ লক্ষ্মীনগৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত নিশা ভাগতত উদ্ধাৰ হয় মৃতদেহটো।

এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এডিদাচ হাফপেণ্ট পৰিহিত যুৱকজনক কোনো দুৰ্বৃত্তই হত্যা কৰি এইদৰে পেলনীয়া সামগ্ৰীৰ মাজত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷

ইতিমধ্যে চাংসাৰি আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে চিনাক্তৰ বাবে মৰ্গত ৰখাৰ ব্যৱস্থা কৰিছে ৷

Exit mobile version