Nalbari :নলবাৰীত নিচাসক্ত যুৱকৰ শৱদেহ কৱৰস্থ নকৰাৰ সিদ্ধান্ত

মালিকুছি মছজিদ জামাত সমিতিৰ কঠোৰ সিদ্ধান্ত

masjid

Nalbari :

এক ভয়ংকৰ ব্যাধি ৰুপে থিয় দিয়া নিচাসক্ত দ্ৰব্যৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহিল নলবাৰীৰ এখন গাঁৱৰ ৰাইজ । নিচাসক্ত দ্ৰব্য নিৰ্মূল কৰণৰ বাবে গাওঁবাসীয়ে ল’লে কঠোৰ সিদ্ধান্ত ।

ড্ৰাগছকে ধৰি নিচাসক্ত দ্ৰব্যই উঠি অহা প্ৰজন্মক তিলতিলকৈ ধ্বংসৰ মুখলৈ লৈ যোৱা দেখি শুনিও আমাৰ সমাজৰ একাংশ লোক নিৰব । এখন গাওঁৰ পৰা আনখন গাওঁলৈ একাংশ ধুৰন্ধৰ ব্যৱসায়ীয়ে সৰবৰাহ কৰি আহিছে নিচাসক্ত দ্ৰব্য ।

এনে মাৰাত্মক নিচাসক্ত দ্ৰব্য সেৱন কৰি অহাৰ পিছতো একাংশ লোক নিৰব । আৰক্ষীয়ে অবৈধ নিচাসক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ বিপৰীতে আন একাংশই নিতৌ নিচাসক্ত সামগ্ৰী সৰবৰাহৰ জৰিয়তে সমাজ কলুষিত কৰি তুলিছে । সেইহেতুকে মাৰাত্মক ব্যাধিৰুপী নিচাসক্ত দ্ৰব্য নিৰ্মূল কৰাৰ বাবে ওলাই আহিল নলবাৰী চহৰৰ এখন গাওঁৰ ৰাইজ ।

স্বাধীনতা দিৱসৰ আজিৰ এই ঐতিহাসিক দিনটোতে নলবাৰী চহৰৰ মালিকুছিৰ ৰাইজে ল’লে এটা বৃহৎ পদক্ষেপ । গাঁওখনিৰ হাইদৰ আলী প্ৰাথমিক বিদ্যালয়ত আজি অনুষ্ঠিত এখন সাধাৰন সভাত গাওঁবাসীয়ে ল’লে এক কঠোৰ সিদ্ধান্ত
ড্ৰাগছ আসক্ত আৰু নিচাসক্ত দ্ৰব্য সেৱন কৰা লোকলৈ কঠোৰ সকীয়নি প্ৰদান কৰিলে গাওঁখনিৰ ৰাইজে ।

গাওঁখনিৰ মছজিদ জামাত কমিতিৰ সভাপতি আইনুৰ হুছেইন আৰু সম্পাদক আফজাল আলীৰ নেতৃত্বত গাওঁবাসীয়ে আজি ল’লে এক কঠোৰ সিদ্ধান্ত । নিচাসক্ত দ্ৰব্য সেৱন কৰা লোকৰ মৃত্যু ঘটিলে গাওঁখনিত জানাজা নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ৰাজহুৱা কবৰস্থানত কবৰস্থ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰ এই ৰাজহুৱা সভাত ।

এই কঠোৰ সিদ্ধান্তৰ প্ৰতিলিপি জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু নলবাৰী সদৰ থানাত জমা দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰিছে গাওঁবাসীয়ে ।

লক্ষনীয়ভাবে মালিকুছিকে ধৰি নলবাৰী চহৰৰ বিভিন্ন স্থানত ভাড়াতীয়া হিচাপে থকা একাংশ লোক আৰু নতুনকৈ চহৰত বসবাস কৰিবলৈ লোৱা একাংশ পৰিয়াল আৰু একাংশ যুৱকে স্থানীয় লোকৰ নামত অনা অপবাদ কঢ়িয়াই অনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে আজি এই সিদ্ধান্ত গ্ৰহণ কৰে ।

Exit mobile version