Rangia Incident:ৰঙিয়াত অর্ধগলিত অৱস্থাত উদ্ধাৰ হোৱা মাতৃ-কন্যাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ নতুন মোৰ

মৃত পত্নী-কন্যাৰ সৈতে কেইবাদিনো একেলগে আছিল স্বামী- পিতৃ প্ৰবীণ আগৰৱালা, পত্নী-কন্যাৰ মৃতদেহ সন্দৰ্ভত আৰক্ষীৰ জেৰাত ভূলপথে পৰিচালিত প্রবীণ আগৰৱালাৰ, দুদিনৰ আৰক্ষীৰ জিন্মাত প্ৰবীণ আগৰৱালাক

rangia incident 1

Rangia Incident:

ৰঙিয়াত ১৪ আগষ্টৰ দিনা অর্ধগলিত অৱস্থাত উদ্ধাৰ হৈছিল মাতৃ-কন্যাৰ মৃতদেহ। নিজ বাসগৃহ বন্ধ কোঠাত মাতৃ পিনু আগৰৱালা আৰু কন্যা কণিকা আগৰৱালাৰ মৃত্যুৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য । মৃত পত্নী-কন্যাৰ সৈতে কেইবাদিনো একেলগে আছিল স্বামী- পিতৃ প্ৰবীণ আগৰৱালা।

ঘটনা পাছৰে পৰা পলাতক অৱস্থাত থকা প্ৰবীণ আগৰৱালাক অৱশেষত নগাঁৱৰ চাপৰমুখত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীৰ জেৰাত মাতৃ-কন্যাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ বহু ন ন তথ্য পোহৰলৈ আহিছে ৷

চাঞ্চল্যকৰ ঘটনাই লৈছে নতুন মোৰ ৷ পত্নী–কন্যাৰ মৃত্যুৰ পিছত কেনেকৈ এই ঘটনা চাৰিদিন ধৰি লুকুৱাই ৰাখিছিল প্ৰবীণ আগৰৱালাই ৷ আনহাতে এই শোকাৱহ ঘটনা সন্দৰ্ভত কণিকা আগৰৱালাৰ এগৰাকী বান্ধৱীয়ে সদৰি কৰে যে,কণিকা আগৰৱালাই কেতিয়াও চূড়ান্ত সিদ্ধান্ত ল’ব নোৱাৰে । মৃত্যুৰ পূৰ্বে কণিকাই জনাইছিল তেওঁলোক আৰ্থিক দুৰৱস্থাৰ কথা ।

ইয়াৰ পাছৰে পৰা অৰ্থাৎ শুকুৰবাৰৰ পৰা বিদ্যালয়লৈ যোৱা নাছিল কণিকা। বিদ্যালয়লৈ নোযোৱা সম্পৰ্কত কনিকাৰ বন্ধু–বান্ধবী আৰু তেওঁ অধ্যয়ন কৰা ইউক্লিড গ্ৰুপ অব ইনষ্টিটিউচনৰ কৰ্তৃপক্ষই ফোন কৰিছিল ৷ কিন্ত আচৰিতজনকভাৱে ফোন ৰিছিভ কৰিছিল পিতৃ প্ৰবীণ আগৰৱালাই আৰু ফোনক উল্লেখ কৰে যে খাদ্যত বিষক্ৰিয়া হৈ বৰ্তমান কণিকা অসুস্থ ৷ তাই ঘৰতে চিকিৎসা লৈ আছে ।

ৰহস্যজনক অৱস্থাত সোমবাৰে নিজৰ বাসগৃহৰ শোৱনি কোঠাত অৰ্ধ গলিত অৱস্থাত উদ্ধাৰ হয় মাতৃ পিনু আগৰৱালা আৰু কণিকা আগৰৱালাৰ মৃতদেহ । মৃতদেহ পৰি থকা স্থানত পৰি আছিল তেজৰ চেকোৰা ৷ ইতিমধ্যে আৰক্ষীৰ বিশেষ টিমে তেজৰ ডোঙাৰ চেম্পল আৰু কেতবোৰ তথ্য সংগ্ৰহ কৰাৰ পাছতে কনিকাৰ সহপাঠী আৰু শিক্ষক–শিক্ষয়িত্ৰী সকল নিশ্চিত হয় যে কনিকাৰ এইয়া আত্মহত্যা নহয় ৷ ইয়াৰ অন্তৰালত নিহিত হৈ আছে ঘন ৰহস্য৷

উল্লেখ্য যে,মৃত কণিকা আগৰৱালা ৰঙিয়াস্থ ইউকিড গ্রুপ অব্ ইনষ্টিটিউটৰ উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী আছিল। পঢ়াশুনাত অতি মেধাৱী আৰু নম্ৰ স্বভাৱৰ কণিকা নৃত্য আৰু গীততো বিশেষভাৱে পাৰদৰ্শিতা দেখুৱাইছিল । মৃত্যুৰ পাঁচ দিনৰ পূৰ্বে টিউচনলৈ গৈছিল ৷

ইপিনে মাতৃ- কন্যাৰ ৰহস্যজনক মৃত্যু ঘটনাক সহজভাৱে লোৱা নাই স্থানীয়লোক সকলে ৷ তেওঁলোকে উল্লেখ কৰা মতে,মৃত্যুৰ পাঁচদিনৰ পাছৰে পৰা মাতৃ- কন্যা ঘৰৰ বাহিৰলৈ ওলায় অহা নাছিল ৷ যাৰবাবে এই সন্দৰ্ভত স্থানীয় প্ৰতিবেশীয়ে পিতৃ প্রবীণ আগৰৱালাক সৌজন্যতামূলক ভাৱে সুধিছিল যদিও অতি সহজভাৱে কয় যে, খাদ্যত বিষক্ৰিয়া হৈ সম্প্ৰতি দুয়ো অসুস্থ হৈ চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঘৰৰ ভিতৰতে আছে।

আনকি পিনু আগৰৱালাৰ বায়েক-ভিনিহিয়েক ফোন কৰিলেও বেমাৰ হোৱা বুলি কৈ বিষয়টো এৰাই চ’লে প্রবীণ আগৰৱালাই ৷

একেদৰে মৃতদেহ উদ্ধাৰৰ চাৰিদিন আগতে তেওঁলোকৰ বাসগৃহত দৈনন্দিন কাম কৰা বনকৰা মহিলা গৰাকীক প্ৰবীন আগৰৱালাই শ্বিলঙলৈ যোৱাৰ অজুহাত দেখুৱাই কিছুদিন ঘৰলৈ আহিব নালাগে বুলি ফোনত কোৱাৰ উপৰিও দৈনিক গৃহত গাখীৰ দিলৈ অহা গোৱালজনৰ পৰা গাখীৰ ল’বলৈ প্ৰবীন আগৰৱালা নিজেই ওপৰ মহলাৰ পৰা তললৈ আহিছিল ৷

আনহাতে কে’বা দিনো ধৰি নিজ ভগ্নী পিনু আগৰৱালাক ফোন কৰি কোনো সুদত্তৰ নোপোৱাত সোমবাৰে বায়েক- ভিনিহিয়েক ৰঙিয়াৰ ভগ্নীৰ ভাড়াগৃহত উপস্থিত হোৱাৰ পাছতে সকলো ঘটনা পোহৰলৈ আহে ৷

বাসগৃহৰ বাহিৰৰ পৰা খোলা আৰু ভিতৰৰ শোৱনি কোঠাত মাতৃ- কন্যাৰ উৱলি যোৱা মৃতদেহ দেখি চিঞৰ- বাখৰ কৰে ৷ পাছত স্থানীয় লোকে ৰঙিয়া আৰক্ষীক খবৰ দিয়ে ৷

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অৰ্ধগলিত মাতৃ- কন্যাৰ মৃতদেহ নিৰিক্ষণ কৰাৰ লগতে ক্ষীপতাৰে আৰম্ভ কৰে তদন্ত ৷ এই ঘটনা বিয়পি পৰাৰ লগে লগে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷

ঘটনা সদৰি হোৱাৰ পাছৰে পৰা ৰহস্যজনকভাবে নিৰুদ্দেশ হয় প্ৰৱীণ আগৰৱালা ৷ অৱশ্যে সোমবাৰেই আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমখেদি নগাঁও জিলাৰ চাপৰমুখত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ৰঙিয়া আৰক্ষীয়ে আজি  আটকাধীন প্ৰবীনক ৰ্পাঁচ দিনৰ আৰক্ষী জিন্মাত বিচাৰছিল যদিও আদালতে দুদিনৰ জিন্মাত দিয়ে ৷

ইপিনে স্থানীয় লোকৰ দাবী এয়া এক সু-পৰিকল্পিত হত্যাকাণ্ড ৷ এই হত্যাকাণ্ডৰে ওতপ্ৰোতভাবে জড়িত আছে প্ৰবীন আগৰৱালা। আৰক্ষীৰ মাৰাথন তদন্তহে সকলো দিশ উন্মোচিত কৰিব বুলি আশা কৰে সচেতন মহলে ৷

Exit mobile version