Lurinmama:ডেৰ বছৰ হেঁপাহ কৰি অৱশেষত লুৰীণ মামাক লগ পালে টিংখাঙৰ কণমানি খুচীয়ে

lurinjyoti gogoi

Lurinmama:

ছোৱালীজনীৰ নাম ৰাচিকা শইকীয়া ৷ ঘৰত মৰমতে খুচী বুলি মাতে ৷ মাকৰ নাম পিকুমণি বকলীয়াল শইকীয়া ৷ দেওতাক অনিল শইকীয়া ৷ ঘৰ ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ বৰবাম থানাৰ অন্তৰ্গত ৰাজগড় কমাৰচুক গাঁৱত ৷ খুচীৰ বৰ্তমান বয়স প্ৰায় ছবছৰ ৷

ডেৰ বছৰমান আগত এদিন ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় চৌহদত মাক পিকুমণি বকলীয়াল শইকীয়াই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক লগ পাই ছেলফি উঠিছিল ৷

মাকৰ লগত আন কোনোবা কোনোবাও আছিল৷ সকলোৱে ছেলফি উঠিলে ৷ থাকি গ’ল খুচী ৷ শিশু কন্যাৰো যে লুৰীণজ্যোতিৰ সৈতে ছেলফি উঠিবলৈ মন আছিল, মাকে কথাটো ভৱাই নাছি ল৷ ঘৰলৈ গৈ মাকে মন কৰিলে যে কনমানি খুচীয়ে মন মাৰি থকা হৈছে ৷

বহুত চেষ্টা কৰি মন মাৰি থকাৰ কাৰণ জানিব পাৰিলে যে ডিব্ৰুগড়ত মাকে লুৰীণজ্যোতিৰ সৈতে ছেলফি উঠোঁতে তাইৰো উঠিবলৈ মন আছিল ৷ নাপালে কাৰণে মন বেয়া ৷

মাকে কথাটো সাধাৰণ শিশু মনৰ ক্ষন্তেকীয়া আৱেগ বুলি ভাৱি বিষয়টোত গুৰুত্ব নিদিলে ৷ কিন্তু দিন যোৱাৰ লগে লগে মাকে মন কৰিলে যে খুচীয়ে অনবৰত লুৰীণজ্যোতিৰ কথা ক’বলৈ আৰম্ভ কৰিছে ৷ খাওঁতে শুওঁতে পঢ়োতে অকল লুৰীণজ্যোতিৰ চৰ্চা ৷ ঘৰত কোনোবাই টিভিটো মেলিলে তাইৰ চকু-কাণ টিভিৰ ফালে থকা হ’ল – কিজানিবা লুৰীণজ্যোতি ওলায় ৷

লুৰীণজ্যোতি গগৈক তাই নিজে নিজে মামা বুলি মতা হ’ল ৷ মাক-দেওতাকৰ মেবাইলটো হাতত পালে লুৰীণজ্যোতিৰ ভিডিঅ’ চোৱা কৰিলে ৷ অনবৰত মাকক কোৱা হ’ল- মা মোক লুৰীণ মামাৰ ওচৰলৈ লৈ ব’লানা ৷ তাই লুৰীণজ্যোতি গগৈলৈ বুলি এখন ছবিও আঁকি থৈছে ৷ লিখিছে- লুৰীণ নাম, মই তোমাক ভাল পাওঁ ৷

মাক দস্তৰমত বিমোৰত পৰিল ৷ লুৰীণজ্যোতিক তেওঁ জীৱনত এবাৰ লগ পাইছে; তাকো বাটতে, হঠাতে ৷ লুৰীণজ্যোতিৰ ফোন নম্বৰ ঠিকনা নেজানে ৷ ফোন নম্বৰো নাই ৷ লুৰীণ গগৈৰ সৈতে যোগাযোগত থকা কোনো মানুহকো তেওঁ চিনি নেপায় ৷

এছৰমান আগতে লখিমপুৰৰ এগৰাকী সাংবাদিকক লগ পাওঁতে মাকে কথাটো সাংবাদিকগৰকীক ক’লে ৷ সাংবাদিকগৰাকীয়ে লুৰীণজ্যোতি গগৈৰ সৈতে যোগাযোগ কৰাই দিয়াৰ দায়িত্ব লৈ নিজৰ পোৰ্টেলত এটা বাতৰিও কৰিলে ৷ লুৰীণজ্যোতি গগৈক ফোন কৰি খুচীৰ বিষয়ে জনালেও ৷ কিন্তু লুৰীণ মামাক লগ পোৱাৰ খুচীৰ হেঁপাহটোহে পুৰণ নহ’ল ৷

আজি ১৭ আগষ্ট বৃহস্পতিবাৰে লুৰীণজ্যোতি গগৈ সাংগঠনিক কামত টিংখাঙলৈ যাওঁতে কথাটো ওলাল যে ডেৰ বছৰ ধৰি লুৰীণ মামক লগ পাবলৈ হেঁপাহ কৰি থকা খুচী ওৰফে ৰাচিকা শইকীয়াৰ ঘৰ ওচৰতে ৷ খুচীৰ মাকক খবৰটো পঠিওৱা হ’ল ৷ মাকে খুচীক আনিবলৈ স্কুললৈ লৰ মাৰিলে ৷ লুৰীণজ্যোতি গগৈয়ে খুচী তেওঁৰ ওচৰলৈ অহাতকৈ নিজে খুচীৰ ঘৰলৈ যোৱাটোকে বেছি ভাল বুলি ভাৱিলে ৷ কথা মতে কাম ৷

খুচী স্কুলৰ পৰা আহি হতবাক ৷ তাইৰ হেঁপাহৰ লুৰীণ মামা তাইৰ ঘৰতে ৷ তাইৰ লুৰীণ মামাৰ কোঁচত বহিল ৷ কথা পাতিলে ৷ গালে-মুখে হাত ফুৰাই মৰমো কৰিলে ৷ চুলিত বেনি গুঠিবলৈয়ো চেষ্টা কৰিলে ৷ লুৰীণ গগৈলৈ বুলি আঁকি থোৱা ছবিখনো জাতীয় পৰিষদৰ সভাপতিগৰাকীক উপহাৰ দিলে ৷

মাক পিকুমণি শইকীয়াই জনালে যে যোৱা প্ৰায় ডেৰ বছৰ ধৰি খুচীয়ে এই হেঁপাহটোকে পুহি ৰাখিছিল যে লুৰীণ মামা এদিন আহিব আৰু তাই লগ পাব ৷ আজি তাইৰ সেই হেঁপাহ পুৰণ হ’ল ৷

তাই হেনো লুৰীণজ্যোতি গগৈৰ ফটো বা ভিডিঅ’ চাই মন কৰি থাকে যে লুৰীণ মামাৰ চুলি-ডাৰি দীঘল হৈছে নে নাই ৷ ডাড়ি-চুলি দীঘল দেখিলে তাই কয়, মা লুৰীণ মামাই চুলি কিয় কটা নাই ? লুৰীণ গগৈৰ টিভিত মন মাৰি থকা বা খং কৰি থকা দেখিলে তাই নিজেই মন মাৰি দিয়ে ৷

যোৱা ডেৰ বছৰে নিজৰ মোমায়েকৰ দৰে এক আত্মিক সম্পৰ্ক নিজে নিজে পাতি লোৱা খুচী নামৰ কণমানিজনীৰ এই মৰম দেখি আজি আপ্লুত হৈ পৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকী ৷

তেওঁ কয়, ”জীৱনত বহুত মানুহ লগ পাইছো ৷ বহুত মানুহৰ আন্তৰিকতাও দেখিছো ৷ কিন্তু কণমানি খুচীৰ এই অস্বাভাৱিক আৱেগে এক অনন্য আন্তৰিক সুখানিভূতি অনুভৱ কৰোৱালে ৷ ই লগতে এক গভীৰ দায়িত্ববোধৰ কথাও সোঁৱৰাই দিলে ৷

জাতিৰ স্বাভিমান পুনৰুদ্ধাৰৰ জাতীয় দায়িত্বই সমগ্ৰ অসমখনকে এটা পৰিয়াল আৰু সকলো মানুহকে আত্মীয় বুলি ভৱাৰ যি পৰিৱেশ গঢ়ি দিলে; আৰু বিপৰীতে ৰাইজৰ পৰা পোৱা মৰমে, জাতিৰ সেৱাত নিজকে উজাৰি দিয়াৰ বাবে প্ৰেৰণা যোগায় ৷”

Exit mobile version