Police Constable Arrested For killing Wife:পত্নী হত্যাৰ অভিযোগত ৰঙিয়াত গ্ৰেপ্তাৰ আৰক্ষী কনিষ্টবল প্ৰাণজিৎ শৰ্মা

rangia police

Police Constable Arrested For killing Wife:

ৰঙিয়াৰ ডিমুৰ মহৰীয়াত আঠমহীয়া গৰ্ভৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছতে আৰক্ষীয়ে ক্ষীপতাৰে আৰম্ভ কৰে তদন্ত ৷

অৱশেষত ঘটনাক্ৰমত আৰক্ষী জালত পৰে মৃত মহিলা গৰাকীৰ স্বামী ৩০ এপিবিএনৰ কনিষ্টবল প্ৰাণজিৎ শৰ্মা ৷

আঠমহীয়া গৰ্ভৱতী জুমি দেৱীৰ মৃত্যুৰ পাছতে শহুৰেকৰ ঘৰে জোৱায়েক। প্ৰাণজিত শৰ্মাৰ বিৰুদ্ধে হত্যা আৰু পৰকীয়া প্ৰেমৰ অভিযোগ আনি গোচৰ ৰজু কৰে ৷ ইয়াৰ পাছতে তৎপৰ হৈ পৰে ৰঙিয়া আৰক্ষী ৷

জুমি দেৱীৰ পিতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত বুধবাৰে নিশা প্ৰাণজিত শৰ্মাক আৰক্ষীয়ে গোচৰ নং ৪৬৪ আই পি চি ২৩ ইউএছ/৩০৪(বি) অধীনত গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, বুধবাৰে ৰঙিয়া মহৰীয়া গাঁৱত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল জুমি দেৱী নামৰ আঠ মহীয়া অন্তঃসত্ত্বা বোৱাৰী গৰাকীৰ মৃতদেহ

ইয়াৰ পাছতে জুমি দেৱীৰ পৰিয়ালৰ লোকে অভিযোগ কৰিছিল যে,পৰকীয়া প্ৰেমৰ বাবে নিজ পত্নীক অতি পৰিকল্পিতভাৱে হত্যা কৰিছিল স্বামী প্ৰাণজিৎ শৰ্মাই ৷

আনহাতে উদ্থাপিত অভিযোগ অনুসৰি এবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা প্ৰানজিৎ শৰ্মা পৰৱৰ্তী সময়ত লখিৰ এগৰাকী বিবাহিতা মহিলাৰ স’তে পৰকীয়া প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে ৷ যাক লৈ পতি – পত্নীৰ মাজত সংঘাত সৃষ্টি হয় ৷

Exit mobile version