Police Constable Arrested For killing Wife:
ৰঙিয়াৰ ডিমুৰ মহৰীয়াত আঠমহীয়া গৰ্ভৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছতে আৰক্ষীয়ে ক্ষীপতাৰে আৰম্ভ কৰে তদন্ত ৷
অৱশেষত ঘটনাক্ৰমত আৰক্ষী জালত পৰে মৃত মহিলা গৰাকীৰ স্বামী ৩০ এপিবিএনৰ কনিষ্টবল প্ৰাণজিৎ শৰ্মা ৷
আঠমহীয়া গৰ্ভৱতী জুমি দেৱীৰ মৃত্যুৰ পাছতে শহুৰেকৰ ঘৰে জোৱায়েক। প্ৰাণজিত শৰ্মাৰ বিৰুদ্ধে হত্যা আৰু পৰকীয়া প্ৰেমৰ অভিযোগ আনি গোচৰ ৰজু কৰে ৷ ইয়াৰ পাছতে তৎপৰ হৈ পৰে ৰঙিয়া আৰক্ষী ৷
জুমি দেৱীৰ পিতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত বুধবাৰে নিশা প্ৰাণজিত শৰ্মাক আৰক্ষীয়ে গোচৰ নং ৪৬৪ আই পি চি ২৩ ইউএছ/৩০৪(বি) অধীনত গ্ৰেপ্তাৰ কৰে।
উল্লেখ্য যে, বুধবাৰে ৰঙিয়া মহৰীয়া গাঁৱত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল জুমি দেৱী নামৰ আঠ মহীয়া অন্তঃসত্ত্বা বোৱাৰী গৰাকীৰ মৃতদেহ ।
ইয়াৰ পাছতে জুমি দেৱীৰ পৰিয়ালৰ লোকে অভিযোগ কৰিছিল যে,পৰকীয়া প্ৰেমৰ বাবে নিজ পত্নীক অতি পৰিকল্পিতভাৱে হত্যা কৰিছিল স্বামী প্ৰাণজিৎ শৰ্মাই ৷
আনহাতে উদ্থাপিত অভিযোগ অনুসৰি এবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা প্ৰানজিৎ শৰ্মা পৰৱৰ্তী সময়ত লখিৰ এগৰাকী বিবাহিতা মহিলাৰ স’তে পৰকীয়া প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে ৷ যাক লৈ পতি – পত্নীৰ মাজত সংঘাত সৃষ্টি হয় ৷