Deben Dutta Passed Away:বিশিষ্ট শিক্ষাবিদ তথা কটন কলেজৰ প্ৰাক্তন অধ্যাপক তথা উপাধ্যক্ষ দেৱেন দত্তৰ দেহাৱসান

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত শেষ নিশ্বাস ত্যাগ দেৱেন দত্তৰ, সময়মতে প্রয়োজনীয় ৰক্ত নোপোৱাৰ বাবে মৃত্যুৰ অভিযোগ কেয়াৰ টেকাৰৰ, সক্রিয় ৰাজহুৱা কৰ্মীগৰাকীৰ মৃত্যুৰ তদন্ত ঘোষণা জি এম চি এইচ কৰ্তৃপক্ষৰ

deben dutta passed away

Deben Dutta Passed Away:

অসমৰ বিশিষ্ট শিক্ষাবিদ- চিন্তাবিদ, সাহিত্যিক তথা কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক দেৱেন দত্তৰ দেহাৱসান। বৃহস্পতিবাৰে নিশা ১২ বাজি ১০ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

বিশিষ্ট সাহিত্যিক গৰাকীক ১১ আগষ্টত স্বাস্থ্যজনিত কাৰণত জে এম চি এইছত ভৰ্তি কৰোৱা হৈছিল। কিন্ত যোৱা নিশা ১২ মান বজাত হৃদৰোগত আক্ৰান্ত হৈ দেৱেন দত্তৰ মৃত্যু হয় ৷

বিশিষ্ট শিক্ষাবিদ তথা ৰাজহুৱা কৰ্মী দেৱেন দত্তৰ বিয়োগৰ পাছতে উত্থাপিত হৈছে কেতবোৰ গুৰুতৰ অভিযোগ

হৃদৰোগত আক্ৰান্ত হৈ যোৱা ১১ আগষ্টতে জি এম চি এইছত ভৰ্তি হৈছিল দেৱেন দত্ত। ইয়াৰ পাছতে তেওঁৰ চিকিৎসা আৰম্ভ হৈছিল যদিও তেওঁৰ দেহত প্ৰয়োজন হৈছিল ৰক্তৰ

কিন্তু এটা ইউনিট তেজ যোগাৰ কৰিব নোৱাৰাৰ বাবেই তেওঁৰ মৃত্যু হয় বুলি এতিয়া অভিযোগ উত্থাপন কৰিছে দেৱেন দত্তৰ কেয়াৰ টেকাৰ গৰাকীয়ে ৷

আনহাতে এই গুৰুতৰ অভিযোগৰ পাছতে এতিয়া গা লৰিছে জি এম চি এইছ কৰ্তৃপক্ষৰ । কৰ্তৃপক্ষই তেজ নোপোৱা বিষয়টো সম্পূৰ্ণ নাকচ কৰি ইতিমধ্যে চাৰি গৰাকী গৰাকী জ্যেষ্ঠ চিকিৎসক, অধ্যাপকক সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, বৃহস্পতিবাৰে দিনৰ ভাগতো চিকিৎসকে দেৱেন দত্তৰ দেহত তেজৰ যোগান ধৰিবলৈ তেজ বিচাৰিছিল যদিও নিশা ৯ বজাতহে তেজৰ এটা ইউনিট গোটাব পৰাত সেই তেজ দেৱেন দত্তক দিয়া হয়।

মনকৰিবলগীয়া যে,১২ ঘণ্টা পলমকৈ তেজৰ যোগাৰ হৈছিল যদিও তেওঁক ৰক্ষা কৰিব নোৱাৰিলে। শীতল মৃত্যুত শুই পৰে।

পঞ্চভূতত বিলিন হয় প্ৰখ্যাত শিক্ষাবিদ গৰাকীৰ নশ্বৰ দেহ ৷ নবগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হয়।

Exit mobile version