Rajen Gohain:অসম বিজেপিত ন- পুৰণিক লৈ সংঘাত তীব্ৰতৰ

পদত্যাগ পত্ৰ দাখিল কৰিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে, কেবিনেট মৰ্যদা এৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে, জনতা ভৱনত মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত ব্যক্তিগত সচিবৰ হাতত অৰ্পণ পদত্যাগ পত্ৰ, ৰাজ্যিক খাদ্য,অসামৰিক যোগান নিগমৰ অধ্যক্ষৰ দায়িত্বত আছিল ৰাজেন গোহাঁই

rajen gohain

Rajen Gohain:

শেহতীয়াকৈ ৰাজ্যিক বিজেপিত ন-পুৰণিক লৈ তীব্ৰতৰ হৈছে সংঘাত। ন- পুৰণি বিষয়ক লৈ দুদিন পূৰ্বে জ্যেষ্ঠ বিধায়ক তথা প্ৰাক্তন ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য তীব ক্ষোভ প্ৰকাশ কৰাৰ মাজতে আজি প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁইয়ে কেবিনেট মৰ্যাদা সম্পন্ন ৰাজ্যিক খাদ্য,অসামৰিক যোগান নিগমৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে।

দুপৰীয়া ভাগত জনতা ভৱনত উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি গৰাকীয়ে তেওঁৰ পদত্যাগ পত্ৰ মুখ্যমন্ত্ৰীৰ অনুপস্থিত ব্যক্তিজত সচিব হাতত দাখিল কৰে ৷

পদত্যাগ পত্ৰ দাখিলৰ পাছতেই সাংবাদিকৰে হোৱা বাৰ্তালাপত বিজেপিত শেহতীয়াকৈ ন- পুৰণি বিষয়ক লৈ চলি থকা বিবাদৰ এইয়া বহিপ্ৰকাশ নেকি সাংবাদিকে সোধা প্ৰশ্নটো অতি কোশলৰে এৰাই চলি মাত্ৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণত নগাঁও লোকসভা সমষ্টিৰ পৰা কে’বাটাও সংখ্যাগুৰু অধ্যুষিত সমষ্টি বাদ কৰি সংখ্যালঘু অধ্যুষিত সমষ্টি অন্তভুৰ্ক্তৰে খচৰা চূড়ান্তকৰণত মুখ্যমন্ত্ৰীয়ে কোনো সময়োচিত পদক্ষেপ নোলোৱাত ক্ষোভ প্ৰকাশ কৰিহে কেবিনেট মৰ্যাদা ত্যাগ কৰে বুলি উল্লেখ কৰে ৷

তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁ দলত্যাগ কৰিব বুলি বিভিন্ন মহলত যি চৰ্চা চলিছে ৷ সেয়া মুখৰোচক ৷ দলত্যাগ কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে ৷

দুবাৰকৈ ৰাজ্যৰ শাসনত থকা দলটোত ন- পুৰণিক লৈ কোনো সংঘাত চলা নাই বুলি তাংপৰ্যপূৰ্ণ মন্তব্য কৰি নগাঁৱৰ তিনিবাৰৰ সাংসদ গোহাঞে অৱশ্যে প্ৰকাশ কৰে যে,শেহতীয়াকৈ নতুনকৈ দলত আহি বিভিন্ন অসামাজিক কাৰ্যকলাপত লিপ্ত হৈ দলৰ ভাৱমূৰ্ত্তি ম্লান কৰিছে দুই এজনে ৷ এই ক্ষেত্ৰত ৰাজ্যিক নেতৃত্বই সময়োচিত পদক্ষেপ লোৱাৰ সময় আহি পৰিছে বুলি মন্তব্য কৰে ৷

Exit mobile version