Indrani Tahbilkar Case Two Accused Arrested:ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা কাণ্ড : দ্বিবনৰ পাছত অসীম চক্ৰৱৰ্তী আৰু ৰেখান্ত দেউৰীক গ্ৰেপ্তাৰ চানমাৰী আৰক্ষীৰ

দ্বিবন ডেকাক সাত দিনৰ বাবে আৰক্ষী জিন্মাত

diban deka

Indrani Tahbilkar Case Two Accused Arrested:

বিজেপিৰ কিষান মৰ্চাৰ নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ তদন্ত ক্ষীপতাৰে আগবাঢ়িছে ৷ চানমাৰী আৰক্ষীয়ে তদন্তৰ আওতাত পৰা সকলোকে থানাত হাজিৰ হোৱাৰ চমন দিয়াৰ পাছত ইতিমধ্যে এজন এজনকৈ অভিযুক্ত থানাত হাজিৰ হয় ৷

শণিবাৰে চানমাৰি থানাত হাজিৰ হয় তিনি অভিযুক্ত ৰিয়া দাস, অসীম চক্ৰৱৰ্তী আৰু ৰেখান্ত দেউৰী ৷ তিনিওকে সুকীয়া সুকীয়াকৈ কেইবা ঘণ্টাযোৰা মাৰাথন জেৰাৰ অন্তত অসীম চক্ৰৱৰ্তী আৰু ৰেখান্ত দেউৰীক গ্ৰেপ্তাৰ কৰে চানমাৰী আৰক্ষীয়ে ৷

উল্লেখ্য যে ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত অভিমন্যু দাস বৰ্তমান পলাতক অৱস্থাত আছে ৷ আৰক্ষীয়ে অসীম আৰু ৰেখান্তৰ জেৰাত অভিমন্যু দাস সন্দৰ্ভত সোধপোছ কৰে ৷ অৱশ্যে জেৰাৰ সন্মুখীন হোৱা ৰিয়া দাসক যাবলৈ দিয়া হয় যদিও আৰক্ষীয়ে পুনৰ বিচাৰিলে থানাত উপস্থিত থকাৰ  নিৰ্দেশ দিয়ে ৷

ইতিমধ্যে আটকাধীন ৰেখান্ত দাস, অসীম চক্ৰৱৰ্তীৰ লগতে শুক্ৰবাৰে গ্ৰেপ্তাৰ কৰা দ্বিবন ডেকাক আজি কামৰূপ মহানগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে চানমাৰী আৰক্ষীয়ে ।

স্মতৰ্ৱ্য যে শুকুৰবাৰে দুপৰীয়া চান্দমাৰি থানাত হাজিৰ হৈছিল ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ স’তে নাম সাঙোৰ খাই পৰা বহু বিৰ্তকিত দ্বিবন ডেকা ৷ আৰক্ষীয়ে জেৰাৰ অন্তত আবেলি আনুষ্ঠানিকভাবে গ্ৰেপ্তাৰ কৰিছিল দ্বিবনক।

মনকৰিবলগীয়া যে, ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ আন এজন অভিযুক্ত অভিমন্যু দাসক আৰক্ষীয়ে থানাত হাজিৰ হোৱাৰ চমন দিছিল যদিও বৰ্তমান পলাতক অৱস্থাত আছে ৷

উল্লেখযোগ্য পলাতক অভিমন্যু দাসে শেহতীয়াকৈ কিছু ফটো ছিকিমৰ পৰা আপলোড কৰিছিল সামাজিক মাধ্যমত

আৰক্ষীৰ সন্দেহ অভিমন্যু ছিকিমৰ পৰা গৈ বৰ্তমান আত্মগোপন কৰি আছে নেপালত৷ যাৰবাবে আজি অসম আৰক্ষীৰ বিশেষ দল এটা ৰাওনা হয় নেপাল অভিমুখে ৷

আনহাতে শেহতীয়া খবৰ অনুসৰি দ্বিবন ডেকাক সাত দিনৰ বাবে আৰক্ষী জিন্মাত দিয়ে ৷ একেদৰে ৰেখান্ত দাস আৰু অসীম চক্ৰৱৰ্তীকো আৰক্ষী জিন্মাত দিয়ে চি জিএম আদালতে ৷

Exit mobile version