Bamunimoidam Thift:মহানগৰীৰ বামুনীমৈদামত চাঞ্চল্যকৰ চুৰি কাণ্ড !

জি আৰ পি থানাৰ সন্মুখৰ এঘাৰ খন ট্ৰাকৰ চুৰি লুটিলে বেটাৰী

bamunimoidam thift

Bamunimoidam Thift:

মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ চাফাই অভিযান ৷ চোৰৰ সন্ত্ৰাসত একপ্ৰকাৰ ত্ৰাহিমধুসূদন মহানগৰবাসী৷ দিনদুপৰতে,ফুট গধুলীতে চোৰে নিবিঘ্নে চলাই গৈ চুৰি কাণ্ড ৷

স্মাৰ্ট আৰক্ষীক চেলেন্স দি অব্যাহত ৰখা চুৰি কাণ্ডত পুনৰ সংযোজিত হ’ল বেটাৰী লুটৰ অভিযান ৷ দেওবাৰে নিশা মহানগৰীৰ বামুনীমৈদামৰ বিজি য়াৰ্ডত এঘাৰ খন ট্ৰাকৰ পৰা চোৰে লুট কৰি নিয়ে বেটাৰী ৷

উল্লেখ্য যে, জি আৰ পি আৰক্ষী চকীৰ সন্মুখতে সংঘটিত হয় চোৰৰ চাফাই অভিযান৷ মনকৰিবলগীয়া যে ছমাহ পূৰ্বেই বিজি য়াৰ্ডৰ পৰা চুৰি লুট কৰি নিছিল বেটাৰী ৷

চোৰৰ ধাৰাবাহিক চুৰি কাণ্ড সংঘটিত হৈ থকাৰ পাছতো যেন কুম্ভকৰ্ণ নিদ্ৰাত জি আৰ পি আৰু মহানগৰ আৰক্ষী ৷ বেটাৰী চুৰিৰ সন্দৰ্ভত আৰক্ষী অৱগত হোৱাৰ পাছতো আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম ন’হল বেটাৰী চুৰি চক্ৰটোক ৷

যাৰবাৰে পুনৰ চোৰে অব্যাহত ৰাখিছে চাফাই অভিযান ৷ যোৱা নিশা বামুনীমৈদামৰ বিজি য়াৰ্ডত এঘাৰ খন ট্ৰাকৰ পৰা একে সময়তে এঘাৰহখন ট্ৰাকৰ পৰা বেটাৰী লুট কৰা সম্পৰ্কত পূৰ্বৰ দৰে পুনৰ বামুনীমৈদাম,নুনমাটি জি আৰ পি আৰু আৰক্ষী চকীত ভুক্তভোগী ট্ৰাক চালক কেইজনে ইতিমধ্যে দাখিল কৰিছে এজাহাৰ

এনে প্ৰেক্ষাপটত আৰক্ষীয়ে দুৰ্ধৰ্ষ বেটাৰী চুৰি চক্ৰটোক আটক কৰিবলৈ সক্ষম হ’বনে ৷ সেইয়া এতিয়া লাখটকীয়া প্ৰশ্ন সচেতন মহলৰ ৷

Exit mobile version