Gaurav Gogoi Included In Congress Working Committee: কংগ্ৰেছ ৱকিং কমিটিত অন্তৰ্ভুক্ত গৌৰৱ গগৈক ৰাজীৱ ভৱনত সম্বৰ্ধনা

পূৰ্বে স্থান পাইছিল প্ৰয়াত পিতৃ তৰুণ গগৈয়ে

gaurav gogoi

Gaurav Gogoi Included In Congress Working Committee:

মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ কংগ্ৰেছ সহ বিৰোধীৰ উমৈহতীয়া মঞ্চ ইণ্ডিয়াই লোকসভাত উদ্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ দিনটোত সদনত প্ৰস্তাৱ উদ্থাপন কৰি এক বলিষ্ঠ ভাষনৰে সদন তথা দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা লোকসভাত কংগ্ৰেছৰ উপ- দলপতি গৌৰৱ গগৈক কংগ্ৰেছ হাইকামাণ্ডে মনোনিত কৰে দলটোৰ ৱকিং কমিটিৰ সদস্য হিচাপে ৷

দেশৰ বিৰোধী দলটোৰ সৰ্বোচ্চ নীতি নিধাৰণ কমিটিৰ সদস্য হিচাপে মনোনিত কৰাৰ পাছত উৎফুল্লিত হৈ পৰিছে এপিচিচি ৷ উল্লেখ্য যে, গৌৰৱ গগৈৰ পূৰ্বে এই পদত আছিল তেওঁৰ প্ৰয়াত পিতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷

কংগ্ৰেছ কংগ্ৰেছ ৱকিং কমিটিত অন্তৰ্ভুক্ত গৌৰৱ গগৈক সোমবাৰে ৰাজীৱ ভৱনত সম্বৰ্ধনা জনায় এপিচিচিৰ নেতৃবৰ্গই ৷ সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণত কলিয়াবৰৰ সাংসদ গৰাকীয়ে কয়, শাসনাধিষ্ঠ বিজেপি এতিয়া নিশকতীয়া আৰু দুৰ্বল হৈছে ৷ সন্মুখৰ পৰা আমাৰ লগত যুঁজিব নোৱাৰা পৰিবেশ সৃষ্টি হৈছে ৷

এনে প্ৰেক্ষাপটত নিৰ্বাচন আয়োগৰ জৰিয়তে পিছ দুৱাৰেদি যুঁজত বিচাৰিছে ।
অসমত ৰাজ্যিক বিজেপিয়ে মিছন ১২+ কথা কৈছে কিন্ত ইতিমধ্যে ৰাইজে মিছন চাটাই আৰম্ভ কৰিছে।

এইবাৰ বৰ্তমানৰ বহু বিজেপি সাংসদে টিকট নাপায়। যাৰবাবে তীব্ৰ অন্তকলহ আৰু বিসম্বাদৰ সন্মুখীন হ’ব ৷ আনহাতে কেইজন মন্ত্ৰী ক্ষমতাৰ ৰাগিত ইমানেই মতলীয়া হৈ পৰিছে যে ডাঙৰক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইয়াও পাহৰি গৈছে ৷ অহংকাৰে তেওঁলোকৰ মুৰত ধৰিছে ৷ ইতিহাসে কয়,অহংকাৰেই পতন ৷ যদুকুলৰ দৰে ধ্বংস হ’ব বিজেপি ৷

এপি চিৰ সম্বৰ্ধনা সভাপতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা,বিৰোধী দলপতি দেৱব্ৰত শইকীয়া  দলীয় বিধায়ক ,সাংসদ সহ নেতা- কৰ্মী উপস্থিত থাকে ৷

উল্লেখযোগ্য যে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে জাৰি কৰা চিডব্লিউচি সদস্যৰ তালিকাত স্থান লাভ কৰিছিল গৌৰৱ গগৈ সহ ৩১ জ্যেষ্ঠ কংগ্ৰেছ নেতাই৷ তালিকাত স্থানপ্ৰাপ্ত আন সকল নেতা হ’ল ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে,প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং, প্ৰাক্তন সভাপতি ৰাহুল গান্ধী,লোকসভাত বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰী,জ্যেষ্ঠ কংগ্ৰেছ নেতা এ কে এণ্টনি, অম্বিকা চোনি, মীৰা কুমাৰ, দিগ্বিজয় সিং, পি চিদাম্বৰম,তাৰিক আনৱাৰ,লাল থানহাওলা,মুকুল ৱাচনিক,আনন্দ শৰ্মা, অশোকৰাও চৱন,অজয় মাকে চৰণজিৎ সিং চান্নী ,কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰা, কুমাৰী চেলজা, গাইখাংগাম, এন ৰঘুবীৰা ৰেড্ডী,শশী থাৰুৰ, তাম্ৰধ্বজ চাহু,অভিষেক মনু সিংভি, চলমান কুৰ্ছিদ ,জয়ৰাম ৰমেশ, জীতেন্দ্ৰ সিং,ৰণদীপ সিং সুৰজেৱালা,শচীন পাইলট,দীপক বাবাৰিয়া ৷

Exit mobile version