GMC:কৰ ফাঁকি দিয়া ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ গুৱাহাটী পৌৰনিগম

অনুজ্ঞা-পত্ৰবিহীন দোকান-পোহাৰ ছীল কৰিব পৌৰ নিগম

gmc

GMC:

মহানগৰীৰ একাংশ ব্যৱসায়ী প্ৰতিষ্ঠানে নিয়ম বহিভূতভাৱে অনুজ্ঞা-পত্ৰ সমূহ নৱীকৰণ নকৰাকৈ ব্যৱসায় চলাই থকাৰ দৃষ্টিগোচৰ হৈছে পৌৰনিগমৰ ৷ এনে কৰ ফাঁকি দিয়া ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ প্ৰস্তুতি চলাইছে পৌৰনিগমে ৷

অনুজ্ঞা-পত্ৰবিহীন দোকান দি থকা ব্যৱসায়ীক প্ৰতিষ্ঠান ছীল কৰাৰ লগতে অনুজ্ঞা-পত্ৰ নৱীকৰণ নকৰা প্ৰতিষ্ঠান সন্মুখীন হ’ব জৰিমনাৰ।

ইতিমধ্যে ম্যাদ উকলা অনুজ্ঞা-পত্ৰ নৱীকৰণ কৰিবলৈ সময়সীমা ধাৰ্য কৰি ১০ দিনৰ সময়সীমা বান্ধি দিছে পৌৰনিগমে ৷

এই সন্দৰ্ভত গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সদৰি কৰা মতে, গুৱাহাটী মহানগৰীৰ প্ৰায় ৫০ শতাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে আজি পৰ্যন্ত কৰা নাই অনুজ্ঞা-পত্ৰ নৱীকৰণ ৷ নিগমৰ পৰা বাৰম্বাৰ আহ্বান কৰাৰ পাছতো কোনো গুৰুত্বআৰোপ নকৰা দোকান- পোহাৰৰ বিৰুদ্ধে পৌৰনিগম কঠোৰ হোৱাৰ ইংগিত দিয়ে ৷

অনুজ্ঞা-পত্ৰ নৱীকৰণৰ বাবে সময়সীমাৰ ধাৰ্য ১০ দিন উকলি যোৱাৰ পাছতে জি এম চিয়ে অভিযান চলাব বুলি প্ৰকাশ কৰে মেয়ৰ গৰাকীয়ে ৷

Exit mobile version