মহানগৰীৰ বেলতলাৰ বশিষ্টৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আজি কাহিলীপুৱাতে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডত প্ৰাগ নিউজৰৰ স্বত্বাধিকাৰী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী সঞ্জীৱ নাৰায়ণ বিলাসী গাড়ীৰ ডিলাৰ ইছুজু আৰু আৰু দুচকীয়া বাহনৰ শ্ব’ৰুম বেনেলিত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডত প্ৰতিষ্ঠানটোৰ ভিতৰত থকা চাৰিখনকৈ ইচুজু গাড়ী আৰু বহু কেইখন দুচকীয়া বাহন জুইত সম্পূৰ্ণৰূপে জাহ যায় ।
সন্দেহ কৰা মতে বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় অগ্নিকাণ্ড ৷ আনহাতে প্ৰতিষ্ঠানটোৰ ভিতৰত থকা চিলিণ্ডাৰো বিস্ফোৰিত হোৱাৰ পিছতে জুইৰ লেলিহান শিখাই তৎমুহূৰ্ততে দুয়োটা শ্ব’ৰুম আগুৰি লয় ৷ জুইৰ সুত্ৰপাতৰ পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ আঠ খনকৈ গাড়ী উপস্থিত হৈ জুই নিবাৰ্পনৰ চেষ্টা চলায় ৷
উল্লেখ্য যে প্ৰতিষ্ঠানটোৰ ভিতৰৰ পিছফালেও বহুসংখ্যক গাড়ী ৰাখিছিল কিন্ত কথমপিহে ৰক্ষা পৰে অগ্নিকাণ্ডৰ পৰা ৷






























