State Bjp Pressmeet:বিৰোধী দলত নাই মূল্যবোধৰ ৰাজনীতি নাৰীৰ

অনাকাংক্ষিত মৃত্যুকো কংগ্ৰেছে উদ্‌যাপন কৰে : ৰাজ্যিক বিজেপি

bjp pressmeet

State Bjp Pressmeet:

এগৰাকী নাৰীৰ অনাকাংক্ষিত মৃত্যুক কংগ্ৰেছ দলে উদ্‌যাপন কৰিছে। নাৰীৰ অনাকাংক্ষিত মৃত্যুক লৈয়ো ঘৃণনীয় ৰাজনীতি কৰাৰ মানসিকতা থাকিব পাৰে সেয়া ভাবিবই নোৱাৰি। আমি এনে মানসিকতাক গৰিহণা দিওঁ” – এই মন্তব্য ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখপাত্র জানকী খাউণ্ডৰ ৷ দলৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদ মেলত মুখপাত্র গৰাকীয়ে এনেদৰে মত পোষণ কৰে।

সংবাদ মেলত দলৰ ৰাজ্যিক উপ-সভানেত্রী বিজুলী কলিতা মেধি, ৰাজ্যিক সম্পাদিকা অপৰাজিতা ভূঞা আৰু মুখপাত্র ড০ জুৰি শৰ্মা বৰদলৈ উপস্থিত আছিল।

উল্লেখযোগ্য যে ভাৰতীয় জনতা পাৰ্টি কিষাণ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা ইন্দ্রানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ পিছৰে পৰা কংগ্ৰেছ দলে ভাৰতীয় জনতা পাৰ্টিত নাৰীৰ সুৰক্ষিত নহয় বুলি এক প্ৰকাৰৰ কেম্পেইন চলাই আছে।

কিন্তু কংগ্ৰেছ দলে এনেধৰণৰ অপপ্ৰচাৰ চলোৱাৰ পূৰ্বে নিজ দলৰ অপকৰ্মৰ ইতিহাসৰ পাত এবাৰ লুটিবাই চোৱাৰ প্ৰয়োজন আছিল বুলি বিজেপিৰ মহিলা নেত্ৰী সকলে মতপোষণ কৰে।

দলৰ উপ -সভানেত্রী বিজুলী কলিতা মেধিৰ মতে, কংগ্ৰেছ দলৰ ইতিহাস নাৰী নিৰ্যাতনৰ অলেখ ঘটনাৰে ভৰপূৰ। এই দলৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ সাধাৰণ সম্পাদকলৈ বিভিন্ন জনৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ অলেখ অভিযোগ আছে।

কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে কেৱল অভিযোগক আলম হিচাপে লৈ কেতিয়াও কোনো দলৰ নাৰী সদস্য সম্পর্কত নিম্ন স্তৰৰ মন্তব্য কৰা নাই। এয়া আমাৰ সমাজৰ পৰিপন্থী কথা বুলি ৰাজ্যিক বিজেপিৰ উপ সভানেত্রী বিজুলী কলিতা মেধিয়ে মত পোষণ কৰে।

কেইবছৰমান পূর্বে সমগ্র দেশতে নাৰী নিৰ্যাতনৰ বিভিন্ন বিষয় লৈ “মী টু” নামেৰে এক অভিযান চলিছিল। সেই সময়ছোৱাতো অসম কংগ্ৰেছৰ জ্যেষ্ঠ নেত্রী ববিতা শমাই তেওঁৰ বিৰুদ্ধে দলৰে জ্যেষ্ঠ নেতাই নির্যাতন চলোৱা বুলি সংবাদ মাধ্যমৰ জৰিয়তে এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছিল বুলি সংবাদ মেলত উপস্থিত থকা দলৰ ৰাজ্যিক সম্পাদিকা অপৰাজিতা ভূঞাই মত পোষণ কৰে।

কেইবছৰমান পূর্বে কংগ্ৰেছ দলৰ প্রাথমিক সদস্য পদত্যাগ কৰি ড০ জুৰি শৰ্মা বৰদলৈয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল। কংগ্ৰেছ দলত কাম কৰা ২৮ বছৰীয়া অভিজ্ঞতাৰ বৰ্ণনা কৰি ড০ শৰ্মা বৰদলৈয়ে কয় যে, ৰাজনৈতিক দল হিচাপে ভাৰতীয় জনতা পার্টি কংগ্ৰেছতকৈ মূল্যবোধৰ ক্ষেত্ৰত বহু ওপৰত। কংগ্ৰেছত কোনোধৰণৰ মূল্যবোধেই নাই বুলি ড০ শৰ্মা বৰদলৈয়ে বর্ণনা কৰে।

Exit mobile version