Two BJP Leaders Appear At Chandmari Police Station:ইন্দ্ৰাণী কাণ্ডই পোহৰলৈ আনিছে ন ন তথ্য

আৰক্ষীৰ জেৰাত ইজনৰ পাছত সিজনে খুলিছে মুখ, উন্মোচিত হৈছে চাকৰিৰ ক'লা বজাৰ, চানমাৰি থানাত হাজিৰ বিজেপিৰ দুই নেতা

indrani suicide case

Two BJP Leaders Appear At Chandmari Police Station:

বিজেপিৰ কিষান মৰ্চাৰ নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা ঘটনাই উন্মোচিত কৰিছে কেতবোৰ বিস্ফোৰক তথ্য ৷ পোহৰলৈ আহিছে বহু তথ্য ৷

বিজেপি নেত্ৰী গৰাকীৰ অন্তৰংগ ফটো ভাইৰেল সন্দৰ্ভত ৰজু হোৱা গোচৰৰ তদন্ত কৰিবলৈ গৈ আৰক্ষীয়ে উন্মোচিত কৰিছে ন ন তথ্য ৷ কেচু খান্দিব গৈ সাপ ওলোৱাৰ দৰে এটাৰ পাছত আন এটা ক’লা অধ্যায় বিচাৰি পাইছে তদন্তকাৰী আৰক্ষীয়ে ৷

দিছপুৰৰ শাসনত  থকাৰ সুবাদতে একাংশ ধুৰন্ধৰ বিজেপি নেতা- কৰ্মীয়ে সংগোপনে চাকৰিৰ এখন ৰমৰমীয়া বজাৰ খুলি লৈছিল ৷ ইতিমধ্যে আৰক্ষীয়ে ক্ষীপতাৰে অব্যাহত ৰখা তদন্তত  এই সকলো তথ্য জলজল পটপট কৈ ওলাই পৰিছে ৷

উল্লেখ্য যে,ইন্দ্ৰাণী তহবিলদাৰ আত্মহত্যাৰ স’তে নাম সাঙোৰ খাই পৰা এছ আই কেলেংকাৰীৰে কুখ্যাতি অৰ্জন কৰি জেলৰ ভাত খাই অহা বহিস্কৃত বিজেপি নেতা দ্বিবন ডেকাৰ এন্টিয়ে সকলো দিশ পোহৰলৈ আহে ৷

এইজন দ্বিবন ডেকাই ইন্দ্ৰাণী তহবিলদাৰৰ স’তে অনুৰাগ চলিহাৰ এক অন্তৰংগ মুহূৰ্তৰ ফটো আনকি প্ৰেৰণ কৰিছিল পশ্চিম গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ

পৰৱৰ্তী সময়ত সমগ্ৰ বিষয়টো তদন্তৰ বাবে বিজেপিৰ ৰাজ্যিক নেতৃত্বক ভট্টাচাৰ্যই পত্ৰ দাখিল কৰাৰ পাছতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মায়ো এই কাণ্ডৰ স’তে নাম সাঙোৰ খোৱা সকলৰ বিৰুদ্ধে দলীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়াই ৷

ইয়াৰ পাছতে প্ৰদেশ বিজেপিয়ে ইজনৰ পাছত সিজনকৈ কে’বাজনো বিজেপি নেতা-কৰ্মীক দলৰ পৰা বহিস্কাৰ কৰি দায়িত্ব সামৰিছিল ৷ কিন্ত শেহতীয়াকৈ আৰক্ষীৰ তদন্তত এতিয়া বিজেপি নেত্ৰীগৰাকীৰ আত্মহত্যাৰ সৈতে জড়িত হৈ পৰিছে চাকৰিৰ এখন ক’লা বজাৰ।

আনকি এই বজাৰৰ স’তে শেহতীয়াকৈ নাম সাঙোৰ খাইছে অসম বিজেপিৰ দুজন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ নাম ৷ যাৰবাবে চান্দমাৰী থানাত আৰক্ষীৰ চমন লাভ কৰি উপস্থিত হ’বলৈ বাধ্য হৈছে ৷

সোমবাৰে ৰাজ্যিক বিজেপিৰ দুই কাৰ্যনিৰ্বাহক সদস্য কপিল তালুকদাৰ আৰু সঞ্জীৱ শৰ্মা চান্দমাৰী থানাত উপস্থিত হয় ৷

ইতিমধ্যে জ্যেষ্ঠ আৰক্ষীয়ে সোধপোছ চলাই বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যদ্বয়ক ৷ চান্দমাৰী আৰক্ষী থানাৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি আৰু বহু কেইজন বিজেপি নেতা- কৰ্মীলৈ চমন পঠিওৱাৰ বাবে প্ৰস্তুত কৰিছে তালিকা ৷ ক্ৰমাৎ আৰক্ষীৰ তালিকা দীঘলীয়া হৈ গৈ আছে ৷

মনকৰিবলগীয়া যে,ইন্দ্ৰাণী তহবিলদাৰৰ স’তে অনুৰাগ চলিহাৰ অন্তৰংগ মুহূৰ্তৰ ফটো ইতিমধ্যে ভাইৰেল হোৱাৰ পাছত আৰক্ষীৰ জালত পৰাৰ ভয়ত আত্মগোপন হৈ থকা অনুৰাগ চলিহাৰ বহু ক’লা অধ্যায় পোহৰলৈ আনিছে আৰক্ষীয়ে ৷

বহুলোকক চাকৰি দিয়া,ঠিকা- থুকুলি দিয়া,টেন্সফাৰ ইত্যাদি কৰি দিয়াৰ নামত সংগ্ৰহ কৰিছিল বহু লক্ষাধিক ধন ৷ কিন্ত চাকৰি বা আন সুবিধাবোৰ সংশ্লিষ্ট সকলক কৰি দিব নোৱাৰি নিৰাপদ দূৰত অৱস্থান কৰিছিল।

আনকি বহুজনে দিয়া ধন উভতাই দিবলৈ তাগিদা দিয়ে অনুৰাগ চলিহাক ৷ এনে ঘটনাক্ৰমৰ মাজতে অভিমণ্যু দাস নামৰ চাকৰি প্ৰাৰ্থী এজনে চাকৰি নেপাই ধন বিচাৰি বাৰম্বাৰ কোৱাৰ পাচতে কোনো সুফল নাপায় অনুৰাগ চলিহাক মাৰধৰ কৰি কাঢ়ি লয় আইফোন ৷

এই আইফোনটোতে মজুত আছিল ইন্দ্ৰাণী তহবিলদাৰ আৰু অনুৰাগ চলিহাৰ অন্তৰংগ মুহূৰ্তৰ ফটো ৷ তাৰ পাছতে এটা এটাকৈ খোল খাই ইন্দ্ৰানী তহবিলদাৰ আত্মহত্যাৰ আঁৰত চাকৰিৰ ক’লা বজাৰৰ ক’লা অধ্যায় ৷

Exit mobile version