APKC Protest In khanapara:পাম খেতি কৰিবলৈ ৰাম দেৱক মাটি দিয়াৰ বিৰোধীতাৰে

কৃষি সঞ্চালয়কৰ সন্মুখত অসম প্ৰদেশ কৃষক কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

apkc2

APKC Protest In khanapara:

ভাৰত আৰু অসম চৰকাৰে শদিয়াত পাম খেতি কৰিবলৈ ৰাম দেৱক মাটি দিয়াৰ বিৰোধীতা কৰাৰ লগতে অসমত পাম খেতি নকৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছৰ কৃষক সংগঠন’অসম প্ৰদেশ কৃষক কংগ্ৰেছে বৃহস্পতিবাৰে দুপৰীয়া উত্তাল কৰে মহানগৰীৰ খানাপাৰাস্থ কৃষি সঞ্চালয়কৰ কাৰ্যালয়ৰ সন্মুখত ৷

শতাধিক প্ৰদেশ কৃষক কংগ্ৰেছৰ নেতা- কৰ্মীয়ে কৃষি বিভাগৰ সঞ্চালয়কৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি শদিয়াত ৰামদেৱক পাম খেতি কৰিবলৈ দিয়া অনুমতি বাতিলকৰণৰ দাবীত বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷

ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ পাছত কৃষি সঞ্চালয়কৰ কৰ্তৃপক্ষৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰকপত্ৰ

ধৰ্ণা কাৰ্যসূচীত অসম প্ৰদেশ কৃষক কংগ্ৰেছৰ অধ্যক্ষ হৰি প্ৰসাদ শইকীয়া, বকোৰ বিধায়িকা নন্দিতা দাস , বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন ,অসম প্ৰদেশ কংগ্ৰেছৰৰ কে’বা গৰাকী নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

Exit mobile version