Himanta Biswa Sarma Government’s 100th Cabinet Meeting Today:হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আজি শততম কেবিনেট বৈঠক সম্পন্ন

নতুন জিলা গঠন সন্দৰ্ভত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বজালী, হোজাই,তামুলপুৰ আৰু বিশ্বনাথক পুনৰ জিলাৰ মৰ্যাদা

hbs 3

Himanta Biswa Sarma Government’s 100th Cabinet Meeting Today:

শুক্ৰবাৰে বিয়লি মহানগৰীৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হয় ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য মন্ত্ৰীসভাৰ ১০০ সংখ্যক শততম বৈঠক ৷ বৈঠকত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

সেই অনুসৰি বিগত বৰ্ষৰ মাজ ভাগত বিলুপ্তি ঘটোৱা বিশ্বনাথ,বজালী,হোজাই,তামুলপুৰক পুনৰ নতুন জিলা হিচাপে ঘোষণা কৰা হয় ৷

কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি নতুন চাৰি জিলাক পুৰ্বৰ মৰ্যাদা ঘূৰাই দিয়াৰ কথা ঘোষণা কৰি ইয়াৰ ভৌগোলিক পৰিসীমা উল্লেখ কৰে ৷
কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি বিশ্বনাথৰ পৰিসীমা হ’ব বিশ্বনাথ,বিহালী আৰু গহপুৰ বিধান সমষ্টিক লৈ ৷

একেদৰে হোজাইৰ পৰিসীমা হ’ব হোজাই,বিনাকান্দি আৰু লামডিংসমষ্টিক লৈ ৷ আনহাতে তামুলপুৰ জিলাৰ পৰিসীমা হ’ব তামুলপুৰ আৰু গোৰেশ্বৰ সমষ্টি ৷ বজালী জিলাৰ পৰিসীমা হ’ব বজালী আৰু সৰুভোগ- ভবানীপুৰ সমষ্টিক লৈ ৷

আনপিনে কেবিনেট বৈঠকে ৰাজ্যৰ বৰ্তমানৰ ২৪ টা মহকুমা বিলুপ্ত ঘটাই ৮১খন নতুন উপ- জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰতিখন জিলাৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিব একোজন অতিৰিক্ত উপায়ুক্ত( আয়ুক্ত)ই ৷ একেদৰে উপ-জিলাত থাকিব মহকুমাধিপতি, চক্ৰ বিষয়া। স্বয়ং প্ৰশাসনিক ব্যৱস্থা থাকিব উপ-জিলাত ৷ এই জিলা আৰু উপ- জিলা সমূহ কাৰ্যকৰী হ’ব ২০২৪ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৷

আনহাতে কামৰূপ মহানগৰত চাৰিখন উপ-জিলা গঠন কৰা হয় ৷ দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, জালুকবাৰী এতিয়াৰ পৰা কামৰূপ মহানগৰ জিলাৰ নতুন উপ-জিলা।

ইপিনে কেবিনেটে আজিৰে পৰা বৃদ্ধ পেন্সন ৩০০ টকাৰ পৰা ৯৫০ টকালৈ বৃদ্ধি কৰে । গুৱাহাটীত ২৩০ কোটি টকাৰে CCTVৰ কেমেৰা স্থাপনৰ সিদ্ধান্ত।

উল্লেখ্য যে, ২০২১ ৰ ২৬ মে’ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ লোৱাৰ পাছতে প্ৰথম খন কেবিনেটতে লোৱা সিদ্ধান্ত অনুসৰি প্ৰতি সপ্তাহত কেবিনেট বৈঠক অনুষ্ঠিত কৰিব ৷

সেই অনুসৰি জনতা ভৱনৰ লগতে ৰাজ্যৰ বিভিন্ন জিলা আৰু ৰাজ্যৰ বাহিৰত একাদিক্ৰমে আয়োজন কৰি আহিছে কেবিনেট বৈঠক

মনকৰিবলগীয়া যে, হিমন্ত বিশ্ব চৰকাৰে পোনপ্ৰথম বাৰৰ বাবে জনতা ভৱনৰ বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰে উত্তৰ অসমৰ ধেমাজিত ২০২১ৰ ৩০ ছেপ্টেম্বৰত৷ তাৰ পাছত ক্ৰমান্বয়ে বঙাইগাঁও, ধেমাজি, ডিফু, যোৰহাট, হাফলং, ওদালগুৰি, তেজপুৰতো অনুষ্ঠিত কৰা হৈছিল কেবিনেট বৈঠক।

স্মতৰ্ৱ্য যে,মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি জিলাৰ বাহিৰত অনুষ্ঠিত হোৱা বৈঠকত অংশ ল’বলৈ যোৱা প্ৰতিগৰাকী মন্ত্ৰীয়ে যাত্ৰা পথত পোৱা জিলা সমূহৰ উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন সমস্যাৰো বুজ লয় ৷ পোন প্ৰথম বাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় দেশৰ ৰাজধানী নতুন দিল্লীৰ অসম ভৱনত ৷

বিগত দুটাবৰ্ষত অসম মন্ত্ৰী সভাৰ বৈঠকে সম্পন্ন কৰে ৯৯ খন বৈঠক ৷ প্ৰতিখন বৈঠকতে লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশাসনিক সিদ্ধান্ত

আনহাতে ড:হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইতিপূৰ্বে ৯৯ সংখ্যক কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ পাছত শুক্ৰবাৰে শততম বৈঠক অনুষ্ঠিত হয় মহানগৰীৰ খাৰখুলিস্থ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত ৷

জনতা ভৱনস্থ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সূত্ৰ প্ৰাপ্ত তথ্য মতে ড:হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া কাৰ্যকালত সম্পন্ন হোৱা ১০০ খন বৈঠকত ৰাজ্য চৰকাৰৰ ৩৬ টা বিভাগৰ বাবে লোৱা হৈছিল ৭৭৯ টা সিদ্ধান্ত ৷ ইতিপূৰ্বেই ৬২৫ টা সিদ্ধান্ত ৰূপায়ণ কৰাৰ বিপৰীতে ১৫৪টা সিদ্ধান্ত কাৰ্যকৰী সম্পূৰ্ণ হৈ উঠাৰ পথত ৷

Exit mobile version