Tamilnadu Train Fire:তামিলনাডুত লক্ষ্মৌ- ৰামেশ্বৰম ভাৰত গৌৰৱ এক্সপ্ৰেছত বিধ্বংসী অগ্নিকাণ্ড

১০ জন যাত্ৰী অগ্নিদগ্ধ হৈ মৃত্যু,আহত ২০

tamilnadu fire 1

Tamilnadu Train Fire:

তামিলনাডুত যাত্ৰীবাহী ৰে’লত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত ১০ জনকৈ যাত্ৰী অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ২০ জন যাত্ৰী ৷

উল্লেখ্য যে,শনিবাৰে পুৱা তামিলনাডুৰ মাডুৰাইত লক্ষ্মৌ- ৰামেশ্বৰম ভাৰত গৌৰৱ  এক্সপ্ৰেছৰ এটা প্ৰাইভেট পাৰ্টী ক’ছতগেছ চিলিণ্ডাৰ হঠাতে বিস্ফোৰণ হোৱাৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ড।

জানিব পৰা ডবাটোত থকা যাত্ৰীসকল তীৰ্থ যাত্ৰাৰ বাবে গৈ আছিল ৷তেওঁলোকে অবৈধভাৱে লৈ গৈছিল এটা গেছ চিলিণ্ডাৰ ৷ শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত দক্ষিণ ৰে’লৱেৰ জ্যেষ্ঠ বিষয়া-বৰ্গ আৰু অগ্নিনিৰ্বাপক বাহিনী ততাতৈয়াকৈ উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷

অগ্নিনিৰ্বাপক বাহিনী ততাতৈয়াকৈ উপস্থিত হোৱাৰ বাবে অগ্নিকাণ্ডৰ সূত্ৰপাত আন ডবালৈ বিয়পিব নোৱাৰিলে ৷ আনহাতে অগ্নিদগ্ধ মৃতদেহ সমূহৰ মৰনোত্তৰ পৰীক্ষা আৰু আহত সকলৰ চিকিৎসাৰ ব্যৱস্থা কৰে মাডুৰাই আৰক্ষীয়ে ৷

উল্লেখ্য যে, অগ্নিকাণ্ড সংঘটিত হোৱা ডবাটোৰ অধিকাংশই যাত্ৰীয়েই উত্তৰ প্ৰদেশ অভিমুখে যোৱা তীৰ্থযাত্ৰী

ৰে’লৱে সূত্ৰ এটাই সদৰি কৰা মতে, তীৰ্থযাত্ৰী সকলৰ এজনে লগত নিয়া গেছ ষ্টভত কফি বনোৱাৰ বাবে গেছ জ্বলোৱাৰ সময়তে বিস্ফোৰিত হয় ৰন্ধন গেছৰ চিলিণ্ডাৰটো ৷

আনহাতে ভাৰতীয় ৰে’ল বিভাগে নিহতসকলৰ পৰিয়াললৈ ১০ লাখলৈ টকা ক্ষতিপূৰণ দিয়াৰ ঘোষণা কৰিছে ৷ একেদৰে তামিলনাডু চৰকাৰেও দুই লাখ টকাৰ দিয়াৰ কথা সদৰি কৰিছে ৷

Exit mobile version