The Cry OF a Dog In kabuchapari :কবুচাপৰিৰ এজাক কুকুৰৰ কান্দোন

এটা নিৰ্জন নদী দ্বীপ, এজাক ভোকাতুৰ কুকুৰ আৰু এজন প্ৰকৃতিপ্ৰেমী শিক্ষক

dog2

The Cry OF a Dog In kabuchapari:

২৬ আগষ্টৰ আন্তর্জাতিক কুকুৰ দিৱসৰ দিনাই পুনৰ চৰ্চালৈ আহিছে এটা নদী দ্বীপ, এজাক ভোকাতুৰ কুকুৰ আৰু এজন শিক্ষকৰ কাহিনী । ১৯৬০ দশকতে বসতি আৰম্ভ হোৱা ধেমাজি জিলাৰ বৃহত্বম নদী দ্বীপ কবু চাপৰিত এসময়ত প্ৰায় ন শ পৰিয়ালৰ বসতি আছিল।

কাল ক্ৰমত বান আৰু গৰাখহনীয়ত কবুচাপৰীৰ ভৌগোলিক পৰিবৰ্তন হোৱাত জীবিকাৰ সন্ধানত লোকসকল অন্য ঠাইত ঢাপলি মেলিল । ৰৈ গ’ল মাথো প্ৰায় শতাধিক পৰিয়াল। হঠাৎ এই পৰিয়ালক জোনাই আঞ্চলিক বন বিভাগৰ উচ্ছেদৰ জাননী দিলে।

জাননী হাততলৈ জুন মাহৰ শেষৰ ফালে কবুচাপৰী ত্যাগ কৰিলে কবুচাপৰিবাসীয়ে । লগত লৈ গ’ল অত্যাবশ্যকীয় সামগ্রী, পোহনীয়া জীৱ- জন্তু সকলো। মাথো ৰৈ গ’ল গৃহস্থক পহৰা দিয়া প্ৰভূভক্ত কুকুৰৰ জাক।

পাছত এই কুকুৰ জাক দ্বীপটোৰ চৌপাশে অনাই বনাই ঘুৰি ফুৰিছিল । গৃহস্থ আহিব, অন্ন অকমান দিব, তাৰ আশাত ঘণ্টা , দিন সপ্তাহ, পষেক পাৰ কৰিছিল কুকুৰ জাকে। ভোকৰ তাৰনাত ককবকাই ঘুৰি ফুৰা কুকুৰৰ জাকে কাঠৰ টুকুৰা, চেণ্ডেলৰ টুকুৰা, প্লাষ্টিকৰ বতল মূখত লৈ পেটৰ যন্ত্ৰণা দূৰ কৰাৰ চেষ্টাৰ দৃশ্য দেখি সকলোৰে হৃদয় কঁপি উঠিছিল ।

গৃহস্থ অহাৰ অপেক্ষাৰত বহু কুকুৰৰ ইতিমধ্যে ভোকতে তিল তিল কৈ মৃত্যু হৈছিল । গৰাকী বিহীন ঘৰত ভোকৰ তাৰণাত চাঙৰ তলত ভোকাতুৰ কুকুৰৰ কেইবাটাও কুকুৰৰ মৃত্যু হৈছিল । চৌদিশে কেৱল অকল্পনীয়, হৃদয় বিদাৰক দৃশ্য দেখিবলৈ পোৱা গৈছিল।

উপায়হীন গৃহস্থই নিজ ভঙা পজাত এৰি গ’ল ঘৰত পহৰা দিয়া কুকুৰজাকক। অৱশ্যে মানবতা কিন্তু হেৰাই যোৱা নাই এতিয়াও। তাৰ প্ৰতিফলন দেখিবলৈ পোৱা গ’ল কবু চাপৰিত। ২৯ জুনত শিক্ষক তুশেশ্বৰ মিৰি আগৰৱালাৰ নেতৃত্বত যোৱা উদ্ধাৰ কাৰী দলে কবুচাপৰীত প্ৰথমে কুকুৰ জাকক বিস্কুট জাতীয় খাদ্য খাবলৈ দি প্ৰায় অৰ্ধ শতাধিক কুকুৰ উদ্ধাৰ কৰি যন্ত্ৰ চালিত নাৱৰে তিনি মাইল ঘাটলৈ লৈ আহে।

পিছত পুনৰ দুবাৰকৈ অভিযান চলাই আন ৩০ টা কুকুৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দল। পবা বৰ্ষাৰণ্য বন খণ্ড কাৰ্যালয়ৰ কাষৰ তিনিমাইল ঘাটত স্থানীয় ৰাইজৰ সহযোগত কুকুৰজাকক ভাত ৰান্ধি খোৱাৰ ব্যৱস্থা কৰে পশু প্ৰেমী সকলে।
নদী দ্বীপটোত খাদ্য সংকটত ভোগা এজাক প্ৰভূভক্ত কুকুৰক উদ্ধাৰ অব্যাহত ৰাখে প্ৰকৃতি প্ৰেমী সকলে।

খাদ্য সংকটত পৰি মৃত্যুৰ ক্ষণ গনি থকা এজাক কুকুৰক উদ্ধাৰৰ বাবে ২৯ জুনৰ পুৱা তিনি মাইল ঘাটত দেখিবলৈ পোৱা গল বিভিন্ন দল সংগঠন, স্বেচ্ছাসেবী অনুষ্ঠান,সাংবাদিকৰ দল তথা জীৱ-জন্তু প্ৰেমীৰ বিশেষ তৎপৰতা। সকলোৰে একেই উদ্দেশ্য, যিকোনো প্ৰকাৰে খাদ্য সংকটত ভোগা কুকুৰক উদ্ধাৰ কৰা।

যন্ত্ৰচালিত দুখন নাৱৰে যাত্ৰা আৰম্ভ কৰা উদ্ধাৰ কাৰী দলে তিনি মাইল ঘাটৰ পৰা প্ৰায় ডেৰঘণ্টাৰ অন্তত উপস্থিত হয় বিশেষ দ্বীপটোত। নিশা হলেই শ শ ভোকাতুৰ কুকুৰে কান্দি উঠে এই নিৰ্জন দ্বীপটোত।

প্ৰায় এটা পষেক অনাহৰে থকা ভোকাতুৰ কুকুৰ জাকৰ কান্দোনৰ শব্দত হৃদয় কঁপি উঠে। জনশূন্য নিৰ্জন দ্বীপটোত উদ্ধাৰ কাৰী দলক দেখা পাই খাদ্য সংকটত ভোগা ভোকাতুৰ কুকুৰে খাদ্য পোৱাৰ আশাৰে দৌৰি আহিছিল নাৱৰ অভিমূখে।

শিক্ষক প্ৰকৃতি প্ৰেমী তুশেশ্বৰ মিৰি আগৰৱালাৰ নেতৃত্বত পবা বৰ্ষাৰণ্যৰ খণ্ড কাৰ্যালয়ৰ ওচৰত নিৰ্মাণ কৰা অস্থায়ী শিবিৰত ৰখা হয় ভোকাতুৰ কুকুৰ জাকক । বিভিন্ন জনে উদ্ধাৰ কৰা প্ৰায় শতাধিক কুকুৰক অস্থায়ী শিবিৰত ৰাখি আহাৰৰ ব্যৱস্থা কৰে।

তাৰ মাজতে অসুস্থ হৈ পৰা কুকুৰ জাকক জোনাই পশু চিকিৎসালয়ৰ চিকিৎসকে চিকিৎসা কৰে যদিও সুফল নোপোৱাত যোৰহাটৰ পৰা অহা পশু চিকিৎসক ডা: লাৰা দত্তই একেৰাহে কে’বাদিনো চিকিৎসা কৰি বহু কুকুৰ সুস্থ কৰি তুলে।

প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল। বহু লোক কুকুৰ চাবলৈ, খাদ্য দিবলৈ আহিছিল কুকুৰৰ অস্থায়ী শিবিৰলৈ। এদিন দুদিনকৈ সময় পাৰ হ’ল। লাহে লাহে সকলো আতৰি গ’ল। এটা, দুটাকৈ হৃদয়বান লোকসকলে অঘৰী কুকুৰক লৈ গ’ল পু

 

কৰ্ম ব্যস্ততাৰ মাজত বিগত দুই মাহে ঘৰৰ পৰা ১০ কিলোমিটাৰ দূৰৈত গৈ আহাৰৰ ব্যৱস্থা কৰি আহিছে জন্তু প্ৰেমী তুশেশ্বৰ মিৰি আগৰৱালায়। পশু প্ৰেমী বিজিত বৰা, শেৱালী ৰেগনৰ সহযোগত তুশেশ্বৰ মিৰি আগৰৱালাই বিগত দুই মাহে দুৰ্ভগিয়া কুকুৰ জাকক খাদ্যৰ যোগান ধৰাৰ সমান্তৰালকৈ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

ইতিমধ্যে, বিগত দুই মাহে গৰাকী বিহীন কুকুৰ জাকক খাদ্য আৰু সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰা প্ৰকৃতি প্ৰেমী তুশেশ্বৰ মিৰি আগৰৱালাক মহকুমা প্ৰশাসনে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সম্বৰ্দ্ধনা জনায়।

২৬ আগষ্ট আন্তর্জাতিক কুকুৰ দিৱসৰ দিনা দুৰ্ভগীয়া কুকুৰ জাক, নদী দ্বীপ কবু চাপৰি আৰু প্ৰকৃতি প্ৰেমী শিক্ষক তুশেশ্বৰ মিৰি আগৰৱালা পুনৰ চৰ্চালৈ আহিছে।

Exit mobile version