Bjp Shankhnad Programme:লোকসভা নির্বাচনলৈ সাজু বিজেপি অসম প্রদেশ “শংখনাদ” কার্যক্রমত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

subhash Dutta

Bjp Shankhnad Programme:

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পার্টিয়ে অসমত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে। ইতিমধ্যে ভোটাৰ তালিকাৰ সংশোধনীৰ কাম নির্বাচন আয়োগে আৰম্ভ কৰাৰ সমান্তৰালভাৱে ভাৰতীয় জনতা পার্টিয়ে অসমত ভোটাৰ চেতনা অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে দলৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক কর্মশালা অনুষ্ঠিত কৰিছে।

এক প্ৰেছ বিবৃতিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখপাত্ৰ ৰূপম গোস্বামী আৰু সুভাষ দত্তই কয়, ভোটাৰ চেতনা অভিযানক দলে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে ।

এই উদ্দেশ্য অহা ২৯ আগষ্টত অসমৰ ১২৬ টা বিধানসভা সমষ্টিত ভোটাৰ তালিকা সংশোধনীৰ লগতে নতুন নাম অন্তর্ভুক্তি, মৃত ব্যক্তিৰ নাম কৰ্তন আৰু স্থানান্তকৰণ যাতে সুকলমে হ’ব পাৰে তাৰ বাবে বিধানসভা সমষ্টিৰ ভিত্তিত একোখনকৈ কৰ্মশালা অনুষ্ঠিত হ’ব।

উক্ত কৰ্মশালাত প্ৰতিটো মণ্ডলৰ সভাপতি, শক্তিকেন্দ্র প্রমুখ, বুথৰ সভাপতি, বুথ লেভেল এজেন্ট, বি এল এ ১ আৰু বিধায়ক সকলে অংশগ্রহণ কৰিব। বিবৃতিখনত মুখপাত্রদ্বয়ে কয়, এইবাৰ আমি অসমৰ ১৪ টা লোকসভা সমষ্টিতেই জয়যুক্ত হোৱাৰ বাবে গুৰুত্ব আৰোপ কৰিছে। ইতিমধ্যে আমাৰ দলৰ সাংসদ নথকা কলিয়াবৰ (কাজিৰঙা), নগাঁও আৰু বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ২৯ টা বিধানসভা সমষ্টিত একোজনকৈ বিস্তাৰক নিযুক্ত কৰা হৈছে।

ইতিমধ্যে লোকসভা প্রবাস যোজনাৰ আধাৰত দলত শীর্ষ নেতৃত্বই আটাইকেইটা লোকসভা সমষ্টিত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে। মুখপাত্রদ্বয়ে কয়, লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত সামাজিক মাধ্যম আৰু তথ্য প্রযুক্তি কোষৰ এখন সভা অনুষ্ঠিত হয়।

য’ত প্ৰতিটো লোকসভা সমষ্টিৰ সামাজিক মাধ্যম কোষৰ এঘাৰজনীয়া গোটৰ লগতে জিলা সামাজিক মাধ্যম কোষৰ আহ্বায়ক আৰু সহ- আহ্বায়ক সকলে অংশগ্রহণ কৰে। উক্ত সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, সাধাৰণ সম্পাদক পল্লব লোচন দাসে অংশগ্রহণ কৰে।

লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক মাধ্যমৰ দায়িত্বত থকা দলৰ কার্যকৰ্তা সকলে যাতে দুগুন উৎসাহৰে দায়িত্ব পালন কৰিব পাৰে তাৰ বাবে দলৰ নেতৃত্বই গুৰুত্ব আৰোপ কৰিছে। মুখপাত্রদ্বয়ে কয়, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ কাৰ্যকৰ্তাসকলে নিজৰ নিজৰ ক্ষেত্ৰত দায়িত্ব পালন কৰাৰ উপৰিও অসমৰ ছয়জন বিধায়কে মধ্য প্ৰদেশ, এঘাৰজন বিধায়কে ছত্তিশগড়ত আৰু এজন বিধায়কে মিজোৰামত নির্বাচনী প্ৰচাৰৰ দায়িত্ব পালন কৰি আছে।

আগন্তুক লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন এন ডি এ চৰকাৰ গঠন হ’ব বুলি দৃঢ়তাৰে মতামত প্ৰকাশ কৰি মুখপাত্রদ্বয়ে ভাৰতীয় জনতা পাৰ্টিয়ে সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে বুলি বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰে ।

Exit mobile version