G20 Summit In Delhi:দিল্লীত জি ২০ সন্মিলনৰ মহা আয়োজন

কোটি কোটি টকাৰ মূল্যৰ বিলাসী বুলেটপ্রুফ অডিৰ নিৰাপত্তা বেষ্টনী, অভিজাত হোটেলৰ আতিথ্যৰে দিল্লীত বিদেশী অভ্যাগতক চমক দিবলৈ পূৰ্ণ কছৰ‍ৎ কেন্দ্ৰীয় চৰকাৰৰ 

g20

G20 Summit In Delhi:

সম্প্ৰতি দিল্লীৰ অভিজাত হোটেলসমূহৰ ব্যস্ততা বৃদ্ধি পাইছে। দেশ-বিদেশৰ অতিথিসকলক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে এইসমূহ বিলাসবহুল হোটেলে। কিয়নো জি-২০ৰ সন্মিলনৰ বাবে ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত ভাৰত ভ্ৰমণলৈ আহিব মার্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনকে ধৰি কে’বাজনো ৰাষ্ট্ৰনেতা।

নৰ পৰা ১০ ছেপ্টেম্বৰলৈ দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া মূল অনুষ্ঠানত কমেও ২০ জন ৰাষ্ট্ৰনেতা উপস্থিত থকাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। তদুপৰি ইউৰোপীয় ইউনিয়নৰ শীর্ষ বিষয়ববীয়াও উপস্থিত থাকিব। একে সময়তে ১৪ টা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰব্বী উপস্থিত থাকিব।

এই অনুষ্ঠানলৈ আহিবলগীয়া অতিথিসকলৰ বাবে দিল্লী-এনচিআৰ অঞ্চলত কেবাখনো হোটেল চিনাক্ত কৰা হৈছে। তথ্য অনুসৰি আইটিচি মৌর্য, তাজ পেলেচ, দ্য অ’য়ে, দ্য লধি, দ্য ইম্পেৰিয়েল আৰু লু মেৰিডিয়ান আদিৰ দৰে আগশাৰীৰ বিলাসী হোটেলৰ কোঠাসমূহত এইসমূহ অতিথি ৰখাৰ ব্যৱস্থা কৰা হৈছে।

মার্কিন ৰাষ্ট্ৰপতি বাইডেনৰ বাবে মৌৰ্য হোটেলৰ চাৰিটা কোঠা ইতিমধ্যে বন্দৱস্ত কৰা হৈছে। এই হোটেলতে পূৰ্বতে আছিল প্রাক্তন মার্কিন ৰাষ্ট্ৰপতি জর্জ ডব্লিউ বুশ্ব, বাৰাক অ’বামাৰ লগতে অন্যান্য ৰাষ্ট্ৰৰো মুৰব্বী সূত্ৰত প্ৰকাশ যে বাইডেনৰ আগমনৰ পূৰ্বে মার্কিন চিক্রেট ছাৰ্ভিচৰ বিষয়ববীয়াই হোটেলৰ চৌহদ তন্ন তন্নকৈ পৰীক্ষা কৰিছে।

ইপিনে, চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙক তাজ হোটেলত আৰু ব্ৰিটেইনৰ ঋষি ছুনাকক চাংৰিলা হোটেলত ৰখা হ’ব বুলি পূর্ণ প্রস্তুতি বিষয়াসকলকো এইসমূহ হোটেলত ৰখা হ’ব।

ফ্ৰান্স ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ স’তে আহিব তেওঁৰ কে’বাজনো বিষয়া আৰু এই সমস্ত হোটেলত। ইপিনে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সেই দিনবোৰত চৰকাৰী কাৰ্যালয় আৰু বেচৰকাৰী অনুষ্ঠান-প্রতিষ্ঠান বন্ধ ৰখাৰ প্ৰস্তাৱত অনুমোদন দিছে।

দিল্লীৰ সকলো ব্যক্তিগত আৰু চৰকাৰী কাৰ্যালয় আঠৰ পৰা ১০ ছেপ্টেম্বৰলৈ বন্ধ থাকিব আৰু বেংক আৰু বাণিজ্যিক প্রতিষ্ঠানসমূহে মাথোঁ নহয়, বজাৰবোৰ বন্ধ থাকিব। তদুপৰি জাৰ্মানী আৰু ফ্ৰান্সৰ পৰা অহা টীমটো থাকিব ক্লেৰিজেচত। অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী এন্টনী আলবানিছ থাকিব ইম্পেৰিয়েল হোটেলত।

Exit mobile version