LPG Gas Cylinder Prices: ৰাখি বন্ধন উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ উপহাৰ

এল পি জি চিলিণ্ডাৰৰ মূল্য ২০০ টকালৈ হ্ৰাস

lpg gas

LPG Gas Cylinder Prices:

ৰাখীবন্ধন উপলক্ষ্যেত মোদী চৰকাৰে দেশবাসীলৈ দিলে বিশেষ উপহাৰ ৷ আজি নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে এল পি জি চিলিণ্ডাৰৰ মূল্য ২০০ টকা হ্ৰাস কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়। এই সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা গ্ৰাহকে ২০০ টকা কম মূল্যত লাভ কৰিব চিলিণ্ডাৰ ৷ আজি নিশাৰে পৰা কাৰ্যকৰী হ’ব কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰিখ ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ অধীনস্থ হিতাধিকাৰীসকলে পূৰ্বে ২০০ টকা কম মূল্যত চিলিণ্ডাৰ লাভ কৰিছিল৷ কিন্ত এতিয়াৰ পৰা এনমই সকল হিতাধিকাৰীয়ে ৪০০ টকা কমত চিলিণ্ডাৰ কিনিব পাৰিব ৷

মনকৰিবলগীয়া যে, চৰকাৰে গ্ৰাহকৰ বাবে এল পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰাৰ পৰিকল্পনা যুগুত কৰিছিল ৷ পৰৱৰ্তী সময়ত কেন্দ্ৰই চিলিণ্ডাৰ হ্ৰাস কৰণৰ বাবে ইণ্ডিয়ান অইল, এইচ পি চি এল আৰু বি পি চি এলক ৰাজসাহায্য প্ৰদান কৰাৰো সিদ্ধান্ত লয় ৷

স্মতৰ্ৱ্য যে, ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য জুলাই মাহত ৫০ টকা বৃদ্ধি কৰিছিল। একেদৰে মে’ মাহতো মূল্যবৃদ্ধি কৰা হৈছিল দুবাৰকৈ । অৱশেষত মোদী চৰকাৰে ৰাখী বন্ধনৰ উপহাৰস্বৰূপে মূল্য হ্ৰাস কৰিলে ২০০ টকাকৈ ৷

Exit mobile version