Udalguri Medical Camp:ওদালগুৰিত বৃহৎ স্বাস্থ্য শিৱিৰ তথা সজাগতা সভা

তিনি সহস্ৰাধিক ৰোগীক চিকিৎসা প্ৰদান শতাধিক চিকিৎসকৰ

medical camp 2

Udalguri Medical Camp:

গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক কলেজ আৰু হস্পিতাল, নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু, বি টি আৰ চৰকাৰ, আৰু কেন্দ্ৰীয় আয়ুষ গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত আজি ওদালগুৰি মহাবিদ্যালয় চৌহদত দিনজোৰা কাৰ্যসূচীৰে কেইৱাটাও কাৰ্যসূচী অনুষ্ঠিত হয়।

পুৱা ৬ বজাৰ পৰা পুৱা ৮ বজালৈ ৫০০ ছাত্ৰ-ছাত্ৰী আৰু এবছুৰ কৰ্মীৰ অংশগ্ৰহণেৰে যোগ প্ৰশিক্ষণ অনুষ্ঠিত হয়। উক্ত প্ৰশিক্ষণত যোগ প্ৰশিক্ষক ড° ভবেশ গোস্বামী আৰু প্ৰশিক্ষক ড° পূৰবী কলিতাই অংশগ্ৰহণ কৰে।

পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা স্বাস্থ্য পৰীক্ষা শিৱিৰ উদ্বোধন কৰে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়য়ৰ অধ্যক্ষ ডাঃ প্ৰণৱজ্যোতি বৈশ্যই। এই সন্দৰ্ভত এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৰ সভাপতিত্বত আয়োজিত সভাত উপস্থিত থাকে বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো,  অধ্যাপক ড° পংকজ কুমাৰ বৰ্মন, অধ্যাপক ড° ভবেশ দাস, অধ্যাপক ড° স্বপন কৃ. চক্ৰৱৰ্তী, ড° ভুবনেশ্বৰ স্বৰ্গীয়াৰী, ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ চিদানন্দ ঠাকুৰিয়া, ওদালগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লুক দৈমাৰী, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুস্পধৰ বস্তোলা, সাহিত্য অকাডেমীৰ বঁটাপ্ৰাপক নবীন মল্ল বড়োৰ লগতে কেইৱাজনো বিশিষ্ট লোক উপস্থিত থাকে।

উক্ত স্বাস্থ্য শিৱিৰত প্ৰায় ৪০০০ ৰোগীক এম.ডি চিকিৎসক, চকু বিশেষজ্ঞ, শিশু বিশেষজ্ঞ, অস্ত্ৰোপচাৰ-প্ৰসুতি ৰোগ বিশেষজ্ঞ, ছালৰ বিশেষজ্ঞ ইত্যাদি চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰি বিভিন্ন ৰোগৰ বাবে ৰোগীক ঔষধ প্ৰদান কৰা হৈছে।

স্বাস্থ্য শিৱিৰটোত চৰকাৰী আয়ুৰ্বেদিক কলেজৰ প্ৰায় ৮০ গৰাকী চিকিৎসকৰ লগতে ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰায় ২০ গৰাকী চিকিৎসক, নাৰ্চ আৰু ফাৰ্মাচিষ্ট উপস্থিত থাকে। চৰকাৰী আয়ুৰ্বেদিক কলেজে ভৱিষ্যতে অস্ত্ৰোপচাৰ আৰু অস্ত্ৰোপচাৰৰ বাবে অতি প্ৰয়োজনীয় ৰোগীৰ বাবে তেওঁলোকৰ চিকিৎসালয়ত বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে।

গাঁও আৰু দুৰ্গম অঞ্চলত ক্ষুদ্ৰ পৰ্যায়ত অধিক স্বাস্থ্য শিবিৰৰ আয়োজন কৰা এবছুৰ লক্ষ্য আগত ৰখা বুলিও এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৱে উল্লেখ কৰি ইয়াৰ পূৰ্বে ২৩ আগষ্ট তাৰিখে কোকৰাঝাৰ চহৰত একে কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল বুলি উল্লেখ কৰে।

Exit mobile version