Delhi HC orders Omar Abdullah To Pay Higher Maintenance To Wife Payal Abdullah:জম্মু-কাশ্মীৰ প্ৰাক্তন মূখ্যমন্ত্ৰী ওমৰ আব্দুল্লালৈ কঠোৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

পৃথকৈ থকা পত্নীক ভৰণ-পোষণৰহবাবে মাহিলি ডেৰ লাখ টকাকৈ দিব লাগিব ওমৰ আব্দুল্লাই, দুই পুত্ৰৰ বাবেও মাহিলী দিব লাগিব একলাখ বিশ হেজাৰ

payal abdullah 1

Delhi HC orders Omar Abdullah To Pay Higher Maintenance To Wife Payal Abdullah:

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা সম্প্ৰতি পিতৃ ড:ফাৰুক আব্দুলাৰ স’তে ব্যস্ত মুম্বাইত ৷ বৃহস্পতিবাৰৰ পৰা মুম্বাইত অনুষ্ঠিত হোৱা দেশৰ বিৰোধী দল সমূহৰ উমৈহতীয়া মঞ্চ ইণ্ডিয়াৰ অংশীদাৰ হিচাপে দুই পিতা-পুত্ৰই ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাত ব্যস্ত থকাৰ সময়তে ওমৰ আব্দুল্লালৈ আহিছে বেয়া খবৰ ৷

দিল্লী উচ্চ ন্যায়ালয়ে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাক তেওঁৰ পৃথকৈ থকা পত্নী পায়েল আব্দুল্লাক ভৰণ-পোষণৰ বাবে প্ৰতি মাহে ১.৫ লাখ টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে।

ন্যায়াধীশ সুব্ৰমনিয়াম প্ৰসাদৰ এজনীয়া খণ্ড বিচাৰপীঠে আব্দুল্লাক তেওঁৰ পুত্ৰদ্বয়ৰ শিক্ষাৰ বাবে প্ৰতি মাহে জনে প্ৰতি ৬০ হেজাৰকৈ পৰিশোধ কৰিবলৈও নিৰ্দেশ দিয়ে।

উল্লেখ্য যে,২০১৮ ৰ জুলাই মাহত পায়েল আব্দুল্লা দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক আবেদনৰ ওপৰত ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ প্ৰদান কৰে ৷

ভাৰতীয় দণ্ডবিধি আইনৰ ১২৫ ধাৰাৰ অধীনত চলি থকা প্ৰক্ৰিয়াত শ্ৰীনগৰৰ এখন বিচাৰপীঠে পায়েল আব্দুল্লাক প্ৰতি মাহে ৭৫ হেজাৰ টকা আৰু তেওঁ দুই পুত্ৰ ১৮ বছৰ বয়স নোহোৱালৈকে মাহে ২৫ হেজাৰকৈ টকাৰ অন্তৱৰ্তীকালীন ৰায় প্ৰদান কৰিছিল ৷

কিন্ত পৰৱৰ্তী সময়ত পায়েল আব্দুল্লাই এই ৰায়দানক প্ৰত্যাহ্বান জনাই ন্যায় বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৷

মনকৰিবলগীয়া যে ,এখন বিচাৰপীঠে ২০১৬ চনত ওমৰ আব্দুল্লাৰ বিবাহ বিচ্ছেদৰ আবেদন খাৰিজ কৰিছিল । এই ৰায়ৰ বিৰুদ্ধে আব্দুল্লাই দিল্লী উচ্চ ন্যায়ালয়ত আপীল দাখিল কৰিছিল।

Exit mobile version